বজালীত ভোজনালয়ত দৃষ্টিনন্দন পৰিবেশ , স্বচ্ছ ৰূপত পৰিবেশন খাদ্য সম্ভাৰ বজালী জিলা নিৰ্বাচনী কৰ্মচাৰীৰ

215

বজালীত ভোজনালয়ত দৃষ্টিনন্দন পৰিবেশ , স্বচ্ছ ৰূপত পৰিবেশন খাদ্য সম্ভাৰ বজালী জিলা নিৰ্বাচনী কৰ্মচাৰীৰ

সঞ্জীৱ দাস, ভৱানীপুৰ, ২৯ অক্টোবৰঃ ভৱানীপুৰ বিধান সভাৰ উপ নিৰ্বাচন পৰিচালনা কৰাৰ সন্দৰ্ভত  পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যায়ত বজালী জিলা  প্ৰসাশনে স্থাপন কৰা অস্থায়ী প্ৰেক্ষাগৃহ আৰু  অন্যান্য ব্যৱস্থাপনাই বিষয়া কৰ্মচাৰীক মন্ত্ৰমুগ্ধ কৰি তুলিছে। দৃষ্টিনন্দন ভোজনালয়ত আঁৰি দিয়া হৈছে ভালেমান প্ৰখ্যাত ব্যক্তিৰ মনপৰশা উক্তি। ভোজনগৃহত বিষয়া কৰ্মচাৰীয়ে এইবোৰ প্ৰত্যক্ষ কৰি মন্তব্য কৰিছে যে এনে ব্যৱস্থা আমি বজালীৰ নিৰ্বাচনী ভোজনালয়ত কাহানিও প্ৰত্যক্ষ কৰা নাই।  ক’ভিড বিধি মানি বিলনীয়াই বিতৰণ কৰিছে অপূৰ্ব খাদ্য সম্ভাৰ। ডাইল তৰকাৰী  কলডিলৰ চাটনি আৰু ঔটেঙাৰে ৰৌ মাছৰ জোলৰ উপৰিও  দিয়া হৈছে  এঠা দৈ আৰু জিলাপি। অসমীয়া সাঁজ পৰিধান কৰি আগবঢ়াই দিয়া হৈছে তামোল পাণ আৰু ছপ।  উপায়ুক্তই নিজে এনে ব্যৱস্থা কৰি কয় যে চৰকাৰী  যিকোনো কাম এটা দায়িত্ব বুলি নাভাবি আন্তৰিকতাৰে সমাপন কৰিলে তাৰ ফল ইতিবাচক হোৱাই নহয়; এনে ভাৱনাই সকলোকে সততাৰে কাম কৰিবলৈ ,চৰকাৰী পূঁজিৰ সদ্ব্যৱহবহাৰ কৰিবলৈ উদ্গনি যোগাব; যিটো আমাৰ  ৰাজ্যখনৰ বাবেই এটা মংগলজনক কাম হব পাৰে। উপায়ুক্তগৰাকীয়ে খাদ্য সম্ভাৰ পৰিচ্ছন্ন ৰূপত পৰিবেশন কৰিবলৈ নিৰ্দেশ দিয়াৰ উপৰিও নিজেই ভোজনালয়তো তদাৰক কৰিছে। আজি ভোজনালয়ত খাদ্য গ্ৰহণ কৰিবলৈ যোৱা প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীয়ে বজালী উপায়ুক্ত দেৱ চৌধুৰীৰ তৎত্বাবধানৰ শলাগ লৈছে।