নাট্যপ্ৰয়াস কালচাৰেল অৰগেনাইজেচনৰ উদ্যোগত বৰভাগত ১৫ দিনীয়া নাট কৰ্মশালা

178

নাট্যপ্ৰয়াস কালচাৰেল অৰগেনাইজেচনৰ উদ্যোগত বৰভাগত ১৫ দিনীয়া নাট কৰ্মশালা

কুলদ্বীপ বৰ্মন

নলবাৰী জিলাৰ বৰভাগত জন্ম লাভ কৰা নাট্যপ্ৰয়াস কালচাৰেল অৰগেনাইজেচনৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক শিশু নাট্য উৎসৱৰ লগত সংগতি ৰাখি আজি কালাগ দৌল মন্দিৰ প্ৰাঙ্গনত স্থায়ী প্ৰেক্ষাগৃহত ১৫ দিনীয়া নাট কৰ্মশালাৰ উদ্বোধনী কৰা হয় । উক্ত কৰ্মশালাৰ জৰিয়তে শিশুৰ সৃষ্টিশীলতা , নাটকৰ মাধ্যমেৰে নিজৰ শৰীৰ তথা মনক সজাগ কৰা , শিক্ষাৰ লগত সমযোজন , সুপ্ত প্ৰতিভাৰ বিকাশ , নিজক বুজি পোৱা , বন্ধুত্ব সুলভ মনোভাব আৰু ভাতৃত্ববোধ গঢ়ি তোলাৰ মনোভাবেৰে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিব বুলি উদ্যোক্তা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ চিকিম স্নাতক কৰেন বেজবৰুৱা লগতে নাট্যকৰ্মী দিম্পুল ৰাজ মেধিয়ে জানিবলৈ দিয়ে । উক্ত অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে
লুইতজ্যোতি সাপ্তাহিক কাকতৰ সম্পাদক অৰূপ কুমাৰ শৰ্মা,কৰ্মশালাৰ উদ্বোধনী ভাষণ দিয়ে নাট্যকাৰ , নাট পৰিচালক ধ্ৰুব বৰ্মন । উক্ত অনুষ্ঠানটোত নাট্যকাৰ,পৰিচালক তথা শিশু অভিনয় প্ৰশিক্ষক নয়নমনি বৰ্মন , সাংবাদিক পংকজ লহকৰ । সাংস্কৃতিক সংবাদদাতা ৰমেন কলিতা,অভিনেতা তথা সাংস্কৃতিক সংবাদ দাতা কুলদ্বীপ বৰ্মন । সাংস্কৃতিক সংবাদদাতা আলতাফ হুছেইন , সমাজ কৰ্মী ৰনা তালুকদাৰক সম্বৰ্দ্ধনা জনোৱা হয় । অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অভিভাৱক সকল উপস্থিত থাকে ।