চতিয়া সমষ্টিৰ অন্তৰ্গত পশ্চিম মূঢ়াদল গাওঁ পঞ্চায়তত প্ৰধান মন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনাৰ আচঁনিৰ শুভ উদ্ধোধন

142

চতিয়া সমষ্টিৰ অন্তৰ্গত পশ্চিম মূঢ়াদল গাওঁ পঞ্চায়তত প্ৰধান মন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনাৰ আচঁনিৰ শুভ উদ্ধোধন

দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ৩০ অক্টোবৰঃ প্ৰধান মন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনাৰ আচঁনিখন চতিয়া সমষ্টিৰ অন্তৰ্গত পশ্চিম মূঢ়াদল গাওঁ পঞ্চায়তৰ চাৰিপুখুৰীত ৰাইজৰ বাৱে মুকলি কৰি দিয়ে পঞ্চায়তৰ কৰ্মকৰ্ত্তা সকলে ৷ এই উদ্দেশ্যৰে শনিবাৰে পূৱা পশ্চিম মূঢ়াদল গাওঁ পঞ্চায়তৰ সভানেত্ৰী হিমাদ্ৰী দেৱীয়ে আনুষ্ঠানিক ভাৱে চাৰিপুখুৰিত এই কাৰ্য্যসুচীৰ শুভাৰাম্ভ কৰে ৷ অঞ্চলটোৰ ১৫ গৰাকী হিতাধিকাৰীক এই আচঁনিৰ চাউল বিতঁৰণ কৰি সভানেত্ৰীৰ লগতে আহ্বায়ক সান্তানু গৌতমে কয়- চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত আমি পঞ্চায়তটোৰ দুখীয়া দৰিদ্ৰ ৰাইজৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছো ৷ পঞ্চায়তটোৰ দুখীয়া দৰিদ্ৰ ৰাইজৰ মাজত বিধায়ক গৰাকীৰ সবল পদক্ষেপত বিদ্যুৎ,খোৱা পানীৰ সমস্যা ৰাষ্টা-ঘাটকে ধৰি সকলো সমস্যা দূৰ কৰিবলৈ সক্ষম হৈছোঁ ৷ আচঁনিখন শুভ উদ্ধোধনী কাৰ্য্যসুচীত পঞ্চায়তটোৰ আঞ্চলিক সদস্য,গাওঁ সভাৰ সদস্যৰ লগতে অঞ্চলটোৰ ভালেকেইগৰাকী জেষ্ঠ ব্যক্তি উপস্থিত থাকে ৷