অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ ৰাজেন গোহাঁইৰ পেডি প্ৰকিউৰমেণ্ট সন্দৰ্ভত সভা

178

অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ ৰাজেন গোহাঁইৰ পেডি প্ৰকিউৰমেণ্ট সন্দৰ্ভত সভা

জমিৰউদ্দিন তালুকদাৰ, ডবকা ৩০ অক্টোবৰঃ আজি উপায়ুক্ত কাৰ্যালয়ৰ সভা গৃহত অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ মাননীয় অধ্যক্ষ ৰাজেন গোহাঁইৰ অধ্যক্ষতাত উপায়ুক্ত অনুপম চৌধুৰীৰ উপস্থিতিত পেডি প্ৰকিউৰমেণ্ট খাৰিফ বিপণন ঋতু, ২০২১-২২ বৰ্ষৰ বাবে হোজাই জিলাত বিভিন্ন পেডি প্ৰকিউৰমেণ্ট কেন্দ্ৰৰ জৰিয়তে কৃষকৰ পৰা ধান সংগ্ৰহ প্ৰক্ৰিয়াৰ ওপৰত এক গুৰুত্বপূৰ্ণ আলোচনা সভা অনুষ্ঠিত হৈ যায় ৷ সভাত অধ্যক্ষ গোহাঁইয়ে হোজাই জিলাস্থিত পেডি প্ৰকিউৰমেণ্ট কেন্দ্ৰসমূহৰ আন্তঃগাঁথনিৰ স্থিতিৰ বুজ লয় আৰু এই ক্ষেত্ৰত সমূহ প্ৰক্ৰিয়াটোৰ সফল ৰূপায়ণৰ বাবে এক ফলপ্ৰসু পৰিকল্পনা হাতত লবলৈ উপস্থিত সংশ্লিষ্ট বিষয়া সকলক নিৰ্দেশ দিয়ে। আলোচনা কালত উপায়ুক্ত অনুপম চৌধুৰীয়ে পেডি প্ৰকিউৰমেণ্ট কেন্দ্ৰত কৃষকসকলে যাতে সহজ প্ৰক্ৰিয়াৰ মাধ্যমত নিজৰ ধান বিক্ৰী কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ কয় আৰু এই ক্ষেত্ৰত সমূহ প্ৰক্ৰিয়াটোৰ লগত জড়িত সংশ্লিষ্ট বিভাগৰ বিষয়া, কর্মচাৰীসকলে সমন্বয়ৰে কাম কৰিবলৈ নির্দেশ দিয়ে। তাৰোপৰি সভাত উপস্থিত কৃষি উন্নয়ন বিষয়া সকলে কৃষকসকলে কি মানদণ্ডৰ ধান পেডি প্ৰকিউৰমেণ্ট কেন্দ্ৰত আনিব পাৰে তাৰ ওপৰত কৃষকসকলৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ উপায়ুক্ত গৰাকীয়ে নিৰ্দেশ দিয়ে যাতে প্ৰকৃত কৃষক হিতাধিকাৰীয়ে উপকৃত হয়। আজিৰ এই সভাত অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ বিশেষ কাৰ্যবাহী বিষয়া জয়ন্ত মজিন্দাৰ বৰুৱা, জিলা কৃষি বিষয়া, কৃষি উন্নয়ন বিষয়াসকল, ভাৰতীয় খাদ্য নিগমৰ বিষয়া, কৃষক প্ৰতিনিধিৰ লগতে সংশ্লিষ্ট বিষয়া, কৰ্মচাৰী উপস্থিত থাকে ৷