নগাঁৱৰ ধিং ৰোডত ঔষধ বিপনীত ভয়াবহ অগ্নিকাণ্ড , কেবা কোটি টকাৰ মূল্যৰ ঔষধ ভস্মীভূত

143

নগাঁৱৰ ধিং ৰোডত ঔষধ বিপনীত ভয়াবহ অগ্নিকাণ্ড , কেবা কোটি টকাৰ মূল্যৰ ঔষধ ভস্মীভূত

দুৰ্নীতিৰ দৰ্পণ সেৱা , ৱাহিদুদ জামান , নগাঁও , ৩১ অক্টোবৰ : নগাঁও চহৰৰ হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত ধিং গেটস্থ” প্ৰিঞ্চি মেডিচিন ৱৰ্ল্ড” নামৰ এখন আগশাৰীৰ ঔষধ বিপনীত কালি নিশা এক অগ্নিকাৰ ঘটনা সংঘটিত হয় । জানিব পৰা মতে,শনিবাৰে নিশা ১০ মান বজাত ঔষধৰ বিপনীখন বন্ধ কৰি কৰ্মচাৰী সকল ঘৰলৈ যোৱাৰ পাছত নিশা প্ৰায় ১.৩০ বজাত বিপনী খনত বিধংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । পাছত স্থানীয় ৰাইজে হয়বৰগাঁও আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে । লগে লগে অগ্নি নিৰ্বাপক বাহিনীৰ পাঁচখনকৈ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ বহু প্ৰচেষ্টাৰ অন্তত এই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও বৃহৎ ঔষধ বিপনীটোৰ সকলো ঔষধ পাতি,বহু মূল্যৱান নথি পত্ৰৰ লগতে দোকানটো সম্পূৰ্ণ ৰূপে জুইত জাহ যায় । উক্ত অগ্নিকাণ্ডটো বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে । উক্ত অগ্নিকাণ্ডৰ ফলত কেইবা কোটি টকাৰ ক্ষয় খতি হোৱা বুলি ঔষধ বিপনীটোৰ স্বত্বাধিকাৰীয়ে সংবাদমাধ্যমক জানিবলৈ দিছে ।