নগৰবেৰাৰ উত্তৰ ৰঙাপানীত এখন মটৰ চাইকেলক কেন্দ্র কৰি তীব্র চাঞ্চল্য
দুৰ্নীতিৰ দৰ্পণ সেৱা,নগৰবেৰা, ৩১ অক্টোবৰঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত ১ নং উত্তৰ ৰঙাপানী পকী দলংৰ ওপৰত এখন মটৰ চাইকেল শনিবাৰে সন্ধিয়াৰ পৰা ৰবিবাৰে ৰাতিপুৱা লৈকে দলং খনৰ ওপৰতে একে স্থানতে প্ৰত্যক্ষ কৰে স্থানীয় একাংশ ৰাইজে। কোনোবাই হুণ্ডা সাইন নতুন মটৰ চাইকেল খন উত্তৰ ৰঙাপানী পকী দলংৰ ওপৰত চাবি পাত সহ এৰি থৈ যায়। ৰাতিৰ পৰা ৰাতিপুৱা লৈকে বাইক খন গৰাকীবিহীন বাবে দলং খনৰ ওপৰত প্ৰত্যক্ষ কৰি ৰাইজৰ মাজত তীব্র চাঞ্চল্যৰ সৃষ্টি হয়। পিছে ৰাতিপুৱা স্থানীয় ৰাইজে টুপামাৰী আৰক্ষীক খৱৰ দিয়ে। টুপামাৰী আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ বাইক খন আৰক্ষী চকীলৈ আনে যদিও ৰাইজৰ মাজত তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে। বাইক খনৰ গৰাকী কোন এতিয়ালৈকে পোহৰলৈ অহা নাই।