মৰঙিত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অধিৱেশন সম্পন্ন , স্মৃতি গ্ৰন্থ উন্মোচন

197

মৰঙিত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অধিৱেশন সম্পন্ন , স্মৃতি গ্ৰন্থ উন্মোচন

দুৰ্নীতিৰ দৰ্পণ সেৱা , জানমনি দও , প্ৰতিবেদক , নুমলীগড় , ৩১ অক্টোবৰঃ গোলাঘাট জিলাৰ ইতিহাস প্ৰসিদ্ধ মৰঙি মৌজাৰ অৰাজনৈতিক আৰু ধৰ্মনিৰপেক্ষ এখন সুস্থ সবল সমাজ গঠনত দায়বদ্ধতাৰে সমাজখনক গতিশীল ৰূপ দিয়াৰ প্ৰচেষ্টাৰে জ্যেষ্ঠ নাগৰিক সকল একত্ৰিত হৈ ২০১৪ চনতে ষাঠিৰ্ধোৰ নাগৰিকৰে গঠিত মৰঙি আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰথম বাৰ্ষিক অধিৱেশন খন আজি মৰঙি ৰাজহুৱা নাটঘৰৰ নাৰায়ণ শৰ্মা স্মৃতি ক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷ কাৰ্যসুচী অনুসৰি , পুৱা ৮-৩০ ৰ পৰা আৰম্ভ হোৱা কাৰ্যসূচীৰ পতাকা উত্তোলন কৰে মৰঙি আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি পদ্মেশ্বৰ বৰাই ৷ স্মৃতি তৰ্পণ কৰে সুবৰ্ণ শইকীয়াই ৷ সন্মিলনৰ কাৰ্যকৰী সভাপতি বোধেশ্বৰ শইকীয়াই বৃক্ষৰোপণ কৰে ৷ ১১ বজাত সন্মিলনৰ বিষয় বাচনি সভা অনুষ্ঠিত হয় নাৰায়ণ শৰ্মা স্মৃতি ভৱনত ৷ দুপৰীয়া ১ বজাৰ পৰা হোৱা মুকলি সভাত দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° পৰেশ চন্দ্ৰ দত্ত,স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডা° শ্ৰী শ্ৰীবৎস গোপাল গোস্বামীয়ে বিশিষ্ট অতিথিৰ আসন শুৱনী কৰি সাৰগৰ্ভ বক্তব্য আগবঢ়ায় ৷ স্মৃতিগ্ৰন্থ উন্মোচন কৰে মৰঙি প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰিয়ংদ্বীপ কাকতিয়ে ৷ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি পদ্মেশ্বৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাৰ উদ্বোধন কৰে গোলাঘাট জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি সিদ্ধেশ্বৰ শইকীয়াই ৷ মুকলি সভাতে তিনিগৰাকী আশীৰোৰ্ধৰ ব্যক্তিক সম্বৰ্ধনা জনায় অভ্যৰ্থনা সমিতিৰ পৰা ৷ মৰঙি প্ৰগতি মহিলা চ’ৰাৰ সদস্যা সকলে এটি সমবেত সঙ্গীত পৰিবেশনেৰে মুকলি সভাৰ শুভাৰম্ভনি কৰি জেষ্ঠ নাগৰিক সকলক আপ্লুত কৰে ৷ অধিবেশনৰ সফল সামৰণিত আগবঢ়োৱা অৰিহণা আৰু সহায় সহযোগৰ বাবে অভ্যৰ্থনা সমিতিৰ সভাপতি ইমৰান হুছেইন আৰু সম্পাদক প্ৰবীন শইকীয়াই মৰঙিবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছে ৷