তামুলপুৰৰ কুমাৰীকাটাত অসম ভলীবল মিছন-১০০ সজাগতা চাইকেল ৰেলী

189

তামুলপুৰৰ কুমাৰীকাটাত অসম ভলীবল মিছন-১০০ সজাগতা চাইকেল ৰেলী

 

দুৰ্নীতিৰ দৰ্পণ , প্ৰতিবেদক , তামুলপুৰ, ৩১ অক্টোবৰঃ অসম ভলীবল মিছন-১০০ ৰ উদ্যোগত অহা ৭ নৱেম্বৰত ধৰমতলাত অনুষ্ঠিত হ’ব ব্ৰহ্মপুত্ৰ ভলীবল লিগৰ দ্বিতীয় সংস্কৰণ । সেয়ে সমাজত ক্ৰীড়াৰ সজাগ আৰু সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে দেওবাৰে অসম ভলীবল মিছন-১০০ ৰ স্বীকৃতি প্ৰাপ্ত ক্লাৱ আৰু সংঘ সমূহে ৰাতিপুৱা ৬:৩০ বজাত একেলগে আৰু একে সময়তে অসমৰ ২৮ খন জিলাৰ ৯৩ খন গাঁৱৰ পাঁচ হেজাৰ খেলুৱৈয়ে পাঁচ শ খন গাঁৱক উক্ত চাইকেল ৰেলীয়ে সামৰি লব । তামুলপুৰতো দেওবাৰে কচুকাটা শাখা আৰছুৰ ভলীবল কোচিং চেণ্টাৰৰ উদ্যোগত এক সজাগতা চাইকেল ৰেলী উলিওৱা হয় । ৰেলীত অংশগ্ৰহণকাৰী খেলুৱৈ সকলে ক্ৰীড়া বিষয়ক বিভিন্ন প্লেকাৰ্ড লৈ তামুলপুৰৰ বিভিন্ন গাৱৰ মাজেৰে চাইকেল ৰেলী উলিয়াই ।