পুণৰ অসম তথা গোলাঘাট ও বোকাখাটলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম যোৰহাটৰ কণ্যা ছাজমিন আখতাৰে

326

পুণৰ অসম তথা গোলাঘাট ও বোকাখাটলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম যোৰহাটৰ কণ্যা ছাজমিন আখতাৰে

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ৩১ অক্টোবৰঃ পুণৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ল যোৰহাটৰ স্থায়ী তথা গোলাঘাট জোনাকী নগৰৰ অস্থায়ী বাসিন্দা চাবেৰা হুছেইনৰ কন্যা তথা গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ পঞ্চম ষষ্ঠাধিকৰ ছাত্ৰী ছাজমিন আখতাৰ চিৰাজ নামৰ যুৱতী গৰাকীয়ে ৷ যোৱা ২৯ অক্টোবৰ ২০২১ ত D.S Creation ৰ দ্বাৰা আয়োজিত Miss India National ত 1st Runners up খিতাপ লৈ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ছাজমিন আখতাৰা ৷ এখন সাস্কৃতিৱান অঞ্চলৰ পৰা নিজ অসমীয়া সংস্কৃতিৰ পৰিচয়েৰে ৰাষ্ট্ৰীয় পৰ্যায়ত জোনৰ দৰে জিলিকি উঠা ছাজমিনৰ ভাষাৰে কেৱল সৌন্দৰ্য্যচৰ্চাৰে নহব , বৰঞ্চ জ্ঞানৰ সজুলীৰে জিনিব পাৰিব জগতত স্থান বুলি প্ৰকাশ কৰে মত ৷ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে ৰাষ্ট্ৰখনৰ নৱপ্ৰজন্মৰ কাৰণে আদৰ্শ তথা উদাহৰণ হোৱাৰ আশা প্ৰকাশ কৰে যুৱতী গৰাকীয়ে ৷