অভয়াপুৰী লেংটিছিঙাত এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা

62

অভয়াপুৰী লেংটিছিঙাত এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা


দুৰ্নীতিৰ দৰ্পণ সেৱা , অভয়াপুৰীৰ জ্যোতিকেশ বৰুৱা , ১৬ ৰ্মাচ : অভয়াপুৰী লেংটিছিঙাত এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । লেংটিছিঙা ২ নং ৰাজ্যিক ঘাই পথত তীব্ৰ গতিৰে অহা AS01 DP6165 নম্বৰৰ এখন EON বাহনে চাইকেল আৰোহিক মহতিয়াই নিয়ে । চাইকেল আৰোহিজন স্থানীয় বাসিন্দা গুলু ৰয় বুলি জানিব পৰা গৈছে । ঘটনা সংঘটিত কৰিয়েই পলায়নৰ চেষ্টা কৰা বাহনখন স্থানীয় ৰাইজে কৰায়ত্ত কৰিবলৈ সক্ষম হয় । চাইকেল আৰোহিজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চাইকেল আৰোহি জনৰ অৱস্থা অতি সংকট জনক বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাটোৰ পাছতে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । কলেজীয়া ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে স্পীড ব্ৰেকাৰ ,ট্রেফিকৰ ব্যৱস্থা কৰাৰ দাবীৰে মূল পথ অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ লগতে বাহনখনৰ চালক আটক কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here