অমিত শ্বাহে শুভাৰম্ভ কৰে চাৰিটা অভিলাষী প্ৰকল্পৰ

73
অমিত শ্বাহে শুভাৰম্ভ কৰে চাৰিটা অভিলাষী প্ৰকল্পৰ::

=======
আমিনগাঁৱত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে চাৰিটাকৈ অভিলাষী প্ৰকল্পৰ। এই ঐতিহাসিক ক্ষণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা , ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে উপস্থিত থাকি অসমৰ প্ৰগতিৰ ন-দিগন্তৰ উদয় বেলাৰ সাক্ষী হয়।
     আজি অমিত শ্বাহে শুভাৰম্ভ কৰা প্ৰকল্প কেইটি হৈছে –
☑️গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ (আৱণ্টিত ধনৰ পৰিমাণ: ৭৫৫ কৌটি)।
☑️কেন্দ্ৰীয়ভাৱে ৯ খন আইন মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ (ভাৰ্চুৱেলী) ৷
☑️ “অসম দৰ্শন” আঁচনিৰ অধীনত ৮০০০ হাজাৰ নামঘৰলৈ সৰ্বমুঠ ২০০ কোটি টকাৰ আৰ্থিক অনুদান ৷
☑️ ১৮৮ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’ব লগা বটদ্ৰৱা থানৰ বিকাশ আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে প্ৰকল্পৰ আধাৰশিলা স্থাপন(ভাৰ্চুৱেলী) ৷