অশোক সিংঘাল কোন পানীৰ মাছ ? মই এইবাৰ চাম তেওঁকঃ বেণু ধৰ নাথ

104

অশোক সিংঘাল কোন পানীৰ মাছ ? মই এইবাৰ চাম তেওঁকঃ বেণু ধৰ নাথ

দুৰ্নীতিৰ দৰ্পণ সেৱা , মিছামাৰিৰ পৰা আজিজুৰ ৰহমান , ১৪ মাৰ্চঃ ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হব অহা ২৭ মাৰ্চত আৰু এই প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনত অন্তৰ্ভুক্ত হৈছে ঢেকীয়াজুলী সমষ্টি । ৰাজ্যৰ আন সমষ্টিৰ দৰে ঢেকীয়াজুলী সমষ্টিতো বলিছে নিৰ্বাচনৰ গৰম বতাহ । ঢেকীয়াজুলিত বিজেপি/অগপৰ দুই শতাধিক নেতা কৰ্মীক যোগদান কৰাই গধূলি ঠেলামৰাৰ স্থিত কংগ্ৰেছৰ অস্থায়ী কাৰ্য্যলয়লৈ আহি ৰাইজক উদেশ্য ভাষণত কংগ্ৰেছ প্ৰাৰ্থী বেণুধৰ নাথে কয় “অশোক সিংঘাল কোন পানীৰ মাছ ? মই এইবাৰ চাম তেওঁক । মই অশোক সিংঘালক ঢেকীয়াজুলিৰ পৰা বিদায় দিবলৈ ওলাই আহিছো , আপোনালোকেও সিংঘালক বিদায় দিবলৈ ওলাই আহক। ভাষণত আৰু কয় , মোক বহুতে বৰচলা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব কৈছিলে আৰু এইটোও কৈছিলে মই বৰচলাৰ পৰা খেলিলে বহি থাকিলেও জিকিম , কিন্ত মই তেওঁলোকক কৈছিলোঁ , মই ঢেকীয়াজুলিতেই খেলিম অশোক সিংঘাল কোন পানীৰ মাছ ? মই চাম তেওঁক । বিজেপিক ঢেকীয়াজুলীৰ পৰা উৎখাত কৰিম । লগতে উক্ত ভাষণত তেওঁ কংগ্ৰেছে দিয়া ৫ গেৰাণ্টিৰ ওপৰত বিস্তাৰিত ভাবে ৰাইজক বুজোৱাৰ লগতে অন্যান্য সুবিধা-অসুবিধাৰ ওপৰতো আলোচনা কৰা দেখা যায় যদিও কোনে মাৰিব শেষ হাঁহি , সেয়া সময়ত হে লৈক্ষনিয় হব ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here