অসমৰ নিৰ্বাচনৰ নিৰ্ধাৰণ হ’ল তাৰিখ , তিনিটা পৰ্যায়ত হ’ব ভোটগ্ৰহণ

89

অসমৰ নিৰ্বাচনৰ নিৰ্ধাৰণ হ’ল তাৰিখ , তিনিটা পৰ্যায়ত হ’ব ভোটগ্ৰহণ
দুৰ্নীতিৰ দৰ্পণ ,নিউজ ডেক্স , ২৬ ফেব্ৰুৱাৰীঃ আজি ঘোষণা কৰা হ’ল অসমসহ ৫ ৰাজ্যৰ নিৰ্বাচনৰ তাৰিখ । পাঁচখন ৰাজ্যত ১৮.৬৮ কোটি লোকে ভোটাধিকাৰ সাব্যস্ত কৰিব । ভোটগণনা কৰা হ’ব ২ মেত । অসমত প্ৰথম ৪৭ টা সমষ্টিৰ বাবে ২৭ মাৰ্চত , দ্বিতীয় পৰ্যায়ত ৩৯ সমষ্টিৰ বাবে ১ এপ্ৰিল আৰু তৃতীয় পৰ্যায়ত ৪০ টা সমষ্টিৰ বাবে ৬ এপ্ৰিলত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব । মুঠ তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব । আজি নিৰ্বাচনী দিন ঘোষণা কৰাৰ লগে লগে বলৱৎ হ’ল নিৰ্বাচনী আচৰণ বিধি । কৰোনাৰ বাবে ভোটদানৰ সময় ১ ঘণ্টা বৃদ্ধি কৰা হৈছে । প্ৰতিজন নিৰ্বাচনী বিষয়াৰ টিকাকৰণ কৰা হ’ব । মনোনয়ন পত্ৰ অনলাইন দিয়া সুবিধা প্ৰদান । মনোনয়ন পত্ৰৰ লগত দুজন যাব পাৰিব । আমানত ধনও অনলাইন যোগে জমা কৰিব পাৰিব । ঘৰে ঘৰে প্ৰচাৰৰ বাবে ৫ জন লোকক অনুমতি প্ৰদান । চিচিটিভিৰ নিৰীক্ষণত হ’ব ভোটদান প্ৰক্ৰিয়া । মুঠ ২.৭ লাখ ভোটদান কেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ । প্ৰতিটো ভোটদান কেন্দ্ৰত মাস্ক আৰু ছেনিটাইজাৰৰ ব্যৱস্থা কৰা হ’ব । আজি দিল্লীত অনুষ্ঠিত হোৱা নিৰ্বাচন আয়োগৰ সংবাদ মেলত এই কথা জানিবলৈ দিয়ে মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাই । আজি দিল্লীৰ এখন সংবাদমেলত নিৰ্বাচন আয়োগে অসমৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰে । মুঠ তিনিটা পৰ্যায়ত হ’বলগীয়া নিৰ্বাচন ২৭ মাৰ্চ , ১ এপ্ৰিল আৰু ৬ এপ্ৰিলত অনুষ্ঠিত হ’ব । ২৭ মাৰ্চত ভোটগ্ৰহণ হ’বলগীয়া প্ৰথম ৪৭টা সমষ্টি হ’ল- ঢেকীয়াজুলি, বৰচলা, তেজপুৰ, ৰঙাপৰা, চতিয়া, বিশ্বনাথ, বিহালী, গহপুৰ, ধিং, বটদ্ৰৱা, ৰূপহীহাট, চামগুৰি, কলিয়াবৰ, বোকাখাত, সৰুপথাৰ, গোলাঘাট, খুমটাই, দেৰগাঁও, যোৰহাট, তিয়ক, তিতাবৰ, মৰিয়নি, আমগুৰি, থৌৰা, শিৱসাগৰ, নাজিৰা, মাহমৰা, সোণাৰি, মৰাণ, ডিব্ৰুগড়, লাহোৱাল, দুলীয়াজান, টিংখং, নাহৰকটীয়া, তিনিচুকীয়া, ডিগবৈ, মাৰ্ঘেৰিটা, মাজুলী, নাওবৈচা, লখিমপুৰ, ঢকুৱাখনা, ধেমাজি, জোনাই, চাবুৱা, ডুমডুমা আৰু শদিয়া । আনহাতে , ১ এপ্ৰিলত ভোটগ্ৰহণ হবলগীয়া প্ৰথম ৩৯ টা সমষ্টি হ’ল- ৰাতাবাৰী, পাথাৰকান্দি, উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ, বদৰপুৰ, হাইলাকান্দি, কাটলিচেৰা, আলগাপুৰ, শিলচৰ, সোণাই, ধোলাই, উদাৰবন্দ, লখিমপুৰ, বৰখোলা, কাটিগড়, হাফলং, বোকাজান, হাওৰাঘাট, ডিফু, বৈঠালাছ’, কমলপুৰ, ৰঙিয়া, নলবাৰী, পানেৰী, ওদালগুৰি, মাজবাট, কলাইগাঁও , ছিপাঝাৰ, মংগলদৈ, দলগাঁও, জাগীৰোড, মৰিগাঁও, লাহৰিঘাট, ৰহা, নগং, বৰহমপুৰ, যমুনামুখ, হোজাই আৰু লামডিং । ইপিনে , ৬ এপ্ৰিলত ভোটগ্ৰহণ হবলগীয়া প্ৰথম ৪০ টা সমষ্টি হ’ল- মানকাচাৰ, দক্ষিণ শালমাৰা,ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ, পশ্চিম বিলাসীপাৰা, পূব বিলাসীপাৰা, পূব গোৱালপাৰা, পশ্চিম গোৱালপাৰা, জলেশ্বৰ, গোসাইগাঁও, পশ্চিম কোকৰাঝাৰ, পূব কোকৰাঝাৰ, ছিদলি, বিজনী, সৰভোগ, ভৱানীপুৰ, তামুলপুৰ, বৰমা, চাপাগুৰি, বঙাইগাঁও, অভয়াপুৰী উত্তৰ, অভয়াপুৰী দক্ষিণ, পাটাছাৰকুছি, বৰপেটা, জনিয়া, বাঘবৰ, সৰুক্ষেত্ৰী, চেঙা, ধৰ্মপুৰ, দুধনৈ, বকো, ছয়গাঁও, পলাশবাৰী, হাজো, জালুকবাৰী, দিছপুৰ, পূব গুৱাহাটী, পশ্চিম গুৱাহাটী আৰু বৰক্ষেত্ৰী। উল্লেখ্য, ২ মে’ত আটাইকেইটা সমষ্টিৰ ভোটগণনা হ’ব ।