অসম আন্দোলনৰ অগ্ৰণী নেতা, মৰিগাঁৱৰ জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰমেশ বৰাৰ অকাল মৃত্যু , মৰিগাঁৱত শোকৰ ছাঁ*বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ শোক*

297

অসম আন্দোলনৰ অগ্ৰণী নেতা, মৰিগাঁৱৰ জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰমেশ বৰাৰ অকাল মৃত্যু , মৰিগাঁৱত শোকৰ ছাঁ*বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ শোক*
ষ্টাফৰিপৰ্টাৰ,মৰিগাঁও,১১ জানুৱাৰী:অসম আন্দোলনৰ নেতা তথা মৰিগাঁৱৰ জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ লগতে ৰসাল ব্যক্তিত্বৰ অধিকাৰী ৰমেশ বৰাৰ যোৱা নিশা প্ৰায় ১১ বজাত হৃদৰোগত আক্ৰান্ত হোৱাত মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱায় যদিও চিকিৎসালয়তে পৰলোকপ্ৰাপ্তি ঘটে । জাতীয়তাবাদী নেতাজনৰ অকাল মৃত্যুৰ সময়ত বয়স আছিল ৫৮বছৰ । অধ্যক্ষ ৰমেশ বৰাৰ মৃত্যুৰ বাতৰি সদৰী হোৱাৰ লগে লগে সমগ্ৰ জিলা খনৰ লগতে তেখেতৰ জন্মভূমি বৰঙাবাৰীতো শোকৰ ছাঁ পৰে । উল্লেখ্য যে- মৰিগাঁৱৰ বৰঙাবাৰীত জন্ম গ্ৰহণ কৰা ৰমেশ বৰাই ছাত্ৰ অৱস্থাৰ পৰা জিলা খনৰ একাধিক অনুষ্ঠান প্ৰতিষ্ঠানক নেতৃত্ব দি আহিছিল । অসম আন্দোলনৰ সময়ত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা জাতীয়তাবাদী চিন্তা চেতনাৰে সমৃদ্ধ প্ৰয়াত বৰাই শিক্ষাৰ ক্ষেত্ৰখনত অধিক গুৰুত্ব প্ৰদান কৰা উপৰিও সামাজিক ভাৱে আগৰণুৱা আছিল । মৃত্যুৰ আগমূহুৰ্তলৈকে প্ৰয়াত বৰাই সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন উপ-সভাপতিৰ লগতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্তমান সময়লৈকে উপদেষ্টা , মৰিগাঁও সাহিত্য সভাৰ প্ৰাক্তন কোষাধ্যক্ষ, মৰিগাঁও জিলা কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি বৰঙাবাৰী শাখা ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক , জিলা কাবাডী সংন্থাৰ প্ৰাক্তন সভাপতিৰ লগতে মৰিগাঁও ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰে সদস্য হোৱাৰ উপৰিও প্ৰয়াত বৰা মৰিগাঁও আইন মহাবিদ্যালয়ৰ লগতো জড়িত হৈ আছিল । তাৰোপৰি প্ৰয়াত ৰমেশ বৰা এজন গায়কৰ লগতে সকলোকে অতি কম সময়ৰ ভিতৰতে আপোন কৰি ল’ব পৰা ব্যক্তিত্বৰ অধিকাৰী আছিল । বহুতো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত সক্ৰিয় ভাৱে জড়িত হৈ সেৱা আগবঢ়ায় অহা প্ৰয়াত ৰমেশ বৰাৰ নশ্বৰদেহ আজি দিনৰ ভাগত জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ত ৰাজহুৱা ভাৱে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। জিলা প্ৰাথমিক শিক্ষা বিষয়া কমলজ্যোতি গগৈৰ নেতৃত্বত কাৰ্যালয় প্ৰাংগনত মৰিগাঁও সাংবাদিক সংস্থা , হাইস্কুলত শিক্ষক সন্থা , মজলীয়া বিদ্যালয় শিক্ষক সন্থা , জিলা প্ৰাথমিক শিক্ষা সন্মিলনী, জিলা ক্ৰীয়া সন্থাকে ধৰি বহুকেইটা সংগঠনে প্ৰয়াত ৰমেশ বৰাৰ নশ্বৰদেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তাৰোপৰি ঘনকান্ত বৰুৱা মহাবিদ্যালয় , মৰিগাঁও কৰ্মচাৰী পৰিষদৰ কাৰ্যালয়, মৰিগাঁও আইন মহাবিদ্যালয়, শিক্ষা পৰিষদত তেখেতৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । প্ৰয়াত বৰাৰ অকাল মৃত্যুত মৰিগাঁও জিলা সাহিত্য সভা , জিলা সাংবাদিক সংস্থা, মৰিগাঁও জিলা কৰ্মচাৰী পৰিষদ, জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী গোট, শিক্ষক, কৰ্মচাৰীৰ লগতে পৰিচালনা সমিতিৰ লগতে জালুগুটি বহু অনুষ্ঠান প্ৰতিষ্ঠানকে ধৰি জিলা খনৰ বহু অনুষ্ঠান প্ৰতিষ্ঠানে প্ৰয়াত বৰাৰ অকাল মৃত্যুত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আনহাতে , প্ৰয়াত ৰমেশ বৰাৰ মৃত্যুত মৰিগাঁও জিলা কৰ্মচাৰী পৰিষদৰ কাৰ্যালয়ত সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃত্বই উপস্থিত থাকি তেখেতৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ দত্ত ,সম্পাদক প্ৰধান মৃনাল দাস, প্ৰাক্তন সম্পাদক প্ৰধান নগেন দাস, মৰিগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰফুল্ল হাজৰিকা আৰু সম্পাদক খগেন মহন্তই প্ৰয়াত বৰাৰ নশ্বৰদেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে । ইপিনে , প্ৰয়াত ৰমেশ বৰাই মৃত্যুৰ সময়ত পত্নী, তিনিগৰাকী কণ্যা, এখন পুত্ৰ সহ বহু আত্মীয়স্বজনক ইহসংসা