অসম কৃষি বিশ্ববিদ্যালয় আৰু স্বেচ্ছাসেৱী অনুষ্ঠান কৃষ্টিৰ কঠীয়াৰ মাজত বুজাবুজি চুক্তিৰ স্বাক্ষৰ

29

অসম কৃষি বিশ্ববিদ্যালয় আৰু স্বেচ্ছাসেৱী অনুষ্ঠান কৃষ্টিৰ কঠীয়াৰ মাজত বুজাবুজি চুক্তিৰ স্বাক্ষৰ


দুৰ্নীতিৰ দৰ্পণ সেৱা,টীয়ক,২৩ ফেব্ৰুৱাৰীঃ বিভিন্ন ইতিবাচক সামাজিক আৰু সাংস্কৃতিক কাম কৰি সকলোৰে মাজত চিনাকি হৈ পৰা স্বেচ্ছাসেৱী অনুষ্ঠান কৃষ্টিৰ কঠীয়া আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ মাজত সোমবাৰে এক বুজাবুজিৰ চুক্তিৰ স্বাক্ষৰ সম্পন্ন হয় । এই চুক্তিৰ জৰিয়তে কৃষি শিক্ষাৰ সম্প্ৰসাৰণ , কৃষক সকলৰ মাজত কৃষিৰ আধুনিক প্ৰযুক্তি বিদ্যাৰ বিষয়ে সজাগতা ,ব্যৱহাৰিক শিক্ষাৰ ব্যৱস্থা আৰু নৱপ্ৰজন্মক কৃষিৰ প্ৰতি আকৃষ্ট কৰাৰ লগতে মহিলা কৃষক সকলক আত্ম নিৰ্ভৰশীল কৰিবৰ বাবে কৌশলগত প্ৰশিক্ষণৰ ব্যৱস্থা কৰি কৃষকসকলক আগবঢ়াই নিয়াৰ প্ৰয়াস কৰা হ’ব বুলি কৃষ্টিৰ কঠীয়াৰ মুখ্য কাৰ্যবাহী বিষয়া বিস্মিতা দত্তই আমাক জানিবলৈ দিয়ে ৷ এই বুজাবুজি চুক্তিত অসম কৃষি বিশ্ববিদ্যালয়ৰ হৈ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠকে আৰু কৃষ্টিৰ কঠীয়াৰ হৈ পৰিচালন সঞ্চালক প্ৰদ্যুম্ন বৰাই স্বাক্ষৰ কৰে৷অনুষ্ঠানত কৃষি বিশ্ববিদ্যালয়ৰ উ: পূ: কৃষি জৈৱপ্ৰযুক্তি বিদ্যা কেন্দ্ৰৰ সঞ্চালক ড° বিদ্যুত কুমাৰ শৰ্মা , কৃষ্টিৰ কঠীয়াৰ উপদ্দেষ্টা তথা নেইষ্টৰ প্ৰাক্তন মুখ্য বিজ্ঞানী ড° পৰাণ বৰুৱা , মুখ্য কাৰ্যবাহী বিষয়া বিস্মিতা দত্ত , পৰিচালন সঞ্চালক প্ৰদ্যুম্ন বৰা , কৃষ্টিৰ কঠীয়াৰ সক্ৰিয় সদস্য নয়নজ্যোতি বৰঠাকুৰ , মনিষ কংকণ বৰা , উপাশা বৰা আৰু গোপাল কৃষ্ণ বাঢ়ৈ উপস্থিত থাকে ৷

Total Page Visits: 34 - Today Page Visits: 2