আন্তজাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি মাৰ্ঘেৰিটা পেঙেৰীত মাৰাথান দৌৰ প্ৰতিযোগিতা

44

আন্তজাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি মাৰ্ঘেৰিটা পেঙেৰীত মাৰাথান দৌৰ প্ৰতিযোগিতা

দুৰ্নীতিৰ দৰ্পণ সেৱা , বৰডুমচাৰ পৰা প্ৰমোদ ভূঞা , ৭ মাৰ্চঃ আন্তজাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি আজি পেঙেৰীত মাৰাথান দৌৰ প্ৰতিযোগিতা লগতে মহিলা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।পেঙেৰীৰ ১ নং টকৌ পথাৰ মহিলা সমিতিৰ উদ্যোগত তথা পেঙেৰীৰ স্থিত ১৮ নং গাড়োৱাল বেটেলিয়ান ৰাইফলচৰ সহযোগত দিনযোৰা কাৰ্যসূচীয়ে বিশ্ব মহিলা দিৱসৰ আয়োজন কৰা হয় । পুৱা কাৰ্যসূচী শুভাৰম্ভা কৰে ১৮ নং গাড়োৱাল বেটেলিয়ান ৰাইফলচৰ কামাণ্ডিং অফিচাৰ কৰ্ণেল জনে উদ্বোধন কৰে । ইয়াৰ পিছতে টকৌ পথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংঙ্গনত এটি গছ পুলি ৰোপন কৰা হয় । তিনিটা শাখাত অনুষ্ঠিত হোৱা মাৰাথান দৌৰ প্ৰতিযোগিতাত অঞ্চলটো কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । ল’ৰা শাখাত বিশাল তাতিয়ে প্ৰথম,সঞ্জয় কুমাৰ গুপ্তা দ্বিতীয় ,মঞ্জজিৎ চাৱাচিয়ে তৃতীয় পুৰস্কাৰ পাবলৈ সক্ষম হয় । ছোৱালী শাখাত প্ৰথম ৰুবী বৰুৱা , সোনমাই বৰুৱা দ্বিতীয় , ৰিতিচা গোৱালা তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় । বোৱাৰী শাখত ৰেখা গোৱালা প্ৰথম , পঞ্চামী গোৱালা,দ্বিতীয়,চবিনা গোৱালা তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় । প্ৰায় পাঁচ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে । অনুষ্ঠানত লগত সংগতি ৰাখি বুঢ়ীদিহীং অঞ্চলৰ বিশিষ্ট মহিলা তথা বুঢ়ীদিহীং কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষা দিপিকা মৰাণক মহিলা সমিতিৰ তৰফৰ পৰা বিশেষভাবে সন্বৰ্ধনা জ্ঞাৰ্পন কৰা হয় । এক নং টকৌপথৰৰ মহিলা সমিতিৰ সভনেত্ৰী অনিতা উপাধ্যায় , সম্পাদিকা চিমা প্ৰধানে মহিলা সমিতিৰ হৈ পুণ্ণ সহযোগীতা আগবঢ়াই। মুকলিসভাত উপস্থিত থাকে পেঙেৰী সেনা চাউনিৰ লেপ্টেনেণ্ট ললিত শৰ্মা,মেজৰ গৌৰৱ,বিশিষ্ট সাংবাদিক ৰবীন মৰানসহ অঞ্চলটো বহু সংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।