আমিনগাঁও উপায়ুক্ত কাৰ্যালয়ত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰে জিলা উপায়ুক্তৰ সভা

67

আমিনগাঁও উপায়ুক্ত কাৰ্যালয়ত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰে জিলা উপায়ুক্তৰ সভা

পঙ্কজ নাথ , চাংসাৰি, ১ মাৰ্চ : আজি কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এক সভাৰ আয়োজন কৰে । আজি অনুষ্ঠিত এই সভাত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰে মিলিত হৈ আগন্তুক বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দল আৰু নিৰ্বাচনৰ প্ৰাৰ্থীয়ে মানি চলিবলগীয়া নিৰ্বাচনী আচৰণ বিধিৰ বিষয়ে বিস্তৃত ভাৱে আলোচনা কৰে । জিলা উপায়ুক্ত গৰাকীয়ে ৰাজনৈতিক দলৰ প্ৰতিনিধি সকলক নিৰ্বাচন আয়োগৰ আচৰণ বিধিৰ বিষয়ে বিস্তৃত ভাবে বাখ্যা কৰি সকলো দল বা প্ৰাৰ্থীয়ে যাতে আয়োগে বান্ধি দিয়া নীতি নিৰ্দেশনা মানি চলে তাৰ বাবে অনুৰোধ জনায় । তেওঁ লগতে কয় যে , কামৰূপ নিৰ্বাচনী জিলাৰ অন্তৰ্গত চাৰিটা সমষ্টিৰ বাবে ইতিমধ্যে ফ্লাইং স্কোৱাড, ষ্টেটিক ছাৰ্ভিলেন্স আৰু ভিডিঅ ছাৰ্ভিলেন্স টীম গঠন কৰা হৈছে আৰু এই টীম সমূহে জিলা খনৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী বিধি যাতে উলংঘা নহয় , তাৰ বাবে চোকা দৃষ্টি ৰাখিছে । জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে সভাত ৰাজনৈতিক দলৰ প্ৰতিনিধি সকলক নিৰ্বাচনী প্ৰক্ৰিয়াত দল আৰু প্ৰাৰ্থীসকলে মানি চলবলগীয়া কভিড প্ৰট’কলৰ বিষয়ে বাখ্যা কৰে । তদুপৰি, উপায়ুক্ত গৰাকীয়ে চি-ভিজিল আৰু সুবিধা (Suvidha) এপৰ বিষয়েও সভাত অৱগত কৰে । নিৰ্বাচনী ব্যয়ৰ ক্ষেত্ৰত মানি চলিবলগীয়া নীতি-নিয়ম সমূহৰ বিষয়েও সভাত উপায়ুক্ত গৰাকীয়ে বিস্তৃত ভাবে কয় । সভাত অতিৰিক্ত উপায়ুক্ত সকল ক্ৰমে সুজিৎ বাগলাৰী, মানস কুমাৰ শইকীয়া আৰু প্ৰণৱ দত্ত গোস্বামী, নিৰ্বাচন বিষয়া অপ্ৰতিম গোস্বামীকে ধৰি জিলা প্ৰশাসনৰ কেইবাগৰাকী বিষয়াৰ লগতে বিজেপি আৰু কংগ্ৰেছ দলৰ কেইবাগৰাকীও প্ৰতিনিধি উপস্থিত আছিল ।