আৰ জে ডিৰ ভয়তে বিহাৰৰ বহু পৰিয়ালে পলায়ন কৰিব লগা হৈছিলঃ মনোজ তিৱাৰী

60

আৰ জে ডিৰ ভয়তে বিহাৰৰ বহু পৰিয়ালে পলায়ন কৰিব লগা হৈছিলঃ মনোজ তিৱাৰী
দুৰ্নীতিৰ দৰ্পণ সেৱা , তিনিচুকীয়া , প্ৰেমানন্দ দাস , ১৬ মাৰ্চঃ মঙ্গলবাৰে বিজেপিৰ তিনিচুকীয়া সমষ্টিৰ প্ৰাৰ্থী সঞ্জয় কিষানৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ তিনিচুকীয়াত আহি উপস্থিত হ’ল উত্তৰ-পূৱ দিল্লীৰ বিজেপি সাংসদ মনোজ তিৱাৰী।তিনিচুকীয়া আই টি আই খেলপথাৰত হেলিকপ্টাৰেৰে উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত জনায় যে , তিনিচুকীয়ালৈ আকৌ এবাৰ সঞ্জয় কিষানৰ বাবে ৰাইজৰ ভোট বিচাৰি আহিছো আৰু যেতিয়া মই আহোঁ তিনিচুকীয়া বাসীয়ে হিয়া উজাৰি মৰম দিয়ে । গতিকে , আকৌ অসমত বিজেপি চৰকাৰ অহাটো নিশ্চিত । লগতে আৰ জে ডিৰ কথা কয় যে ,আৰ জে ডিৰ ভয়তে বিহাৰৰ বহু লোকে বিহাৰ এৰি পলাব লগা হৈছিল । আৰ জে ডিৰ অত্যাচাৰ সহিব নোৱাৰি বহু লোকে নিজৰ ঘৰ-দুৱাৰ , মাটি বাৰী এৰি পলায়ন কৰিব লগা হৈছিল । গতিকে , আৰ জে ডিয়ে কোনো প্ৰভাৱ পেলাব নোৱাৰে তিনিচুকীয়াত । আনহাতে , কংগ্ৰেছৰ কথা কয় যে,কংগ্ৰেছে নিজৰ কু-কমৰ বাবে আজি তিনিচুকীয়াত নিজৰ প্ৰাৰ্থীত্ব প্ৰদানৰ পৰা আঁতৰত আছে।কংগ্ৰেছৰ এটা পৰিয়াল কেন্দ্ৰিক,ভয়াতু দল বুলি আখ্যা দিয়ে মনোজ তিৱাৰীয়ে ।