উত্তৰ গুৱাহাটীত ষ্টেট বেংক অফ ইণ্ডিয়াৰ “অভয়পুৰ শাখা” মুকলি

233

উত্তৰ গুৱাহাটীত ষ্টেট বেংক অফ ইণ্ডিয়াৰ “অভয়পুৰ শাখা” মুকলি

দুৰ্নীতিৰ দৰ্পণ সেৱা , পঙ্কজ নাথ , চাংসাৰি , ৩০ ডিচেম্বৰঃ দেশৰ অৰ্থনীতিত ষ্টেট বেংক অফ ইণ্ডিয়াৰ এক যোগাত্মক অৰিহণা যোগাই আহিছে ৷ ৰাষ্ট্ৰীয়কৃত বেংকসমূহৰ ভিতৰত ৰাইজৰ মাজত ষ্টেট বেংক অতি জনপ্ৰিয় ৷ গাঁও-চহৰ সকলোতে ষ্টেট বেংক এটি পৰিচিত নাম ৷ আজি কামৰূপ জিলাৰ অন্তৰ্গত উত্তৰ গুৱাহাটীৰ অভয়পুৰত গ্ৰাম্য শাখাটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰি ষ্টেট বেংক অফ ইণ্ডিয়াৰ নেটৱৰ্ক একৰ মহা প্ৰৱন্ধক সুৰঞ্জনা দত্ত এই মন্তব্য কৰে ৷ তেওঁ আৰু লগতে কয় যে , বেংকৰ কৰ্মচাৰী আৰু গ্ৰাহকসকল এটা পৰিয়ালৰ দৰে হ’ব লাগে ৷ তেতিয়াহে উভয়ৰে মংগল হয় ৷  লগতে মহিলা সবলীকৰণত ষ্টেট বেংকে বিশেষ ভূমিকা গ্ৰহণ কৰিছে । সেয়েহে অভয়পুৰ গ্ৰাম্য শাখাটো মহিলা কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হব । জনতাৰ ধন সুৰক্ষিত ৰাখি উত্তম সেৱা প্ৰদান কৰা ষ্টেট বেংকৰ লক্ষ্য । উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থকা সুৰঞ্জনা দত্ত , উপ মহা প্ৰৱন্ধক সুৰভি ভট্টাচাৰ্য,ডিজিএম(bno) মদন এল এচ, শাখা প্ৰৱন্ধক সৰোজিনী বৰুৱা প্ৰমূখ্যে বিশিষ্ট ব্যক্তি সকলে বন্তি প্ৰজ্বলন কৰে । সভাত বিশিষ্ট অতিথি হিচাবে উপস্থিত থকা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অৱসৰ প্ৰাপ্ত বিষয়া থানেশ্বৰ শৰ্মা , ষ্টেট বেংক অৱসৰ প্ৰাপ্ত বিষয়া বিশ্বজিৎ বৰুৱা , পৱেন পাঠক , উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দিলীপ দাসে বক্তব্য ৰাখি কয় যে , ষ্টেট বেংকে কাম-কাজ সুচাৰুৰূপে চলাই নিয়াৰ উপৰি সমাজৰ আৰ্থিকভাৱে পিচপৰি থকা পুৰুষ-মহিলা, ব্যৱসায়ী, ছাত্ৰ-ছাত্ৰী সকলোকে আগবঢ়াই নিয়াৰ বাবে যি আঁচনি গ্ৰহণ কৰিছে , সেয়া অতিকৈ  প্ৰশংসনীয়৷ উত্তৰ গুৱাহাটী অঞ্চলৰ ৰাইজৰ বহুদিনীয়া আশা এটা আজি পূৰণ হ’ল ৷ কাৰণ বৃহত্তৰ উত্তৰ গুৱাহাটীবাসী  অঞ্চলৰ গ্ৰাহকে নিতৌ টকা-পইচা লেনদেন তথা ৠণ , পেঞ্চন ধন মোকলাবলৈ ষ্টেট বেংকৰ শাখাৰ অভাৱ গুৱাহাটী অথবা আমিনগাঁৱলৈ যাব লগা হৈছিল ৷ যাৰ বাবে গ্ৰাহকসকলে বহু সমস্যাৰ সন্মুখীন হৈছিল ৷ এতিয়া সেই সমস্যাৰ অন্ত পৰিল ৷ এতিয়া গুৱাহাটীত থকা অৱসৰপ্ৰাপ্ত লোকসকলে তেওঁলোকৰ একাউণ্ট এই শাখালৈ আনিব পাৰিব । ৰাইজে এই শাখাৰ পৰা ঘৰ বনাবলৈ , দুচকীয়া, চাৰিচকীয়া , শিক্ষা বাবে , দোকান ব্যৱসায় কৰিবলৈ, খেতিয়কে খেতিৰ বাবে কৃষি ঋণ লবলৈ সুবিধা পাব। একেদৰে এই অঞ্চলৰ মহিলাসকলেও যাতে ক্ষুদ্ৰ সঞ্চয় আৰু ঋণ গ্ৰহণ কৰি পুৰুষৰ সমানে আৰ্থিকভাৱে স্বাৱলম্বী হ’ব পাৰে , তাৰ বাবেও ষ্টেট বেংকৰ আকৰ্ষণীয় আঁচনি আছে বুলি জানিব পৰা গৈছে ৷ সভাৰ অন্তত উপ মহা প্ৰৱন্ধক সুৰভি ভট্টাচাৰ্যই ষ্টেট বেংক অফ ইণ্ডিয়া বেংকৰ  বিষয়া সফলতাৰ খতিয়ান দাঙি ধৰে ৷ শাখাটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে উপস্থিত সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰে । আজিৰ
উদ্বোধনী অনুষ্ঠানটোত দৌলগোবিন্দ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি শচীন ভূঞা , সম্পাদক পবিত্ৰ বৰুৱা , উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যাপক কুকিল বৰুৱা , সমাজকৰ্মী কুলেন বড়ো প্ৰমুখ্যে বহুতো ব্যক্তি , গ্ৰাহক উপস্থিত থাকে।