উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষীৰ অভিযানত উদ্ধাৰ আঠ লক্ষাধিক টকাৰ গাড়ীসহ টিনপাত

44

উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষীৰ অভিযানত উদ্ধাৰ আঠ লক্ষাধিক টকাৰ গাড়ীসহ টিনপাত


পঙ্কজ নাথ, চাংসাৰি, ১৪ মাৰ্চ : উত্তৰ গুৱাহাটীত ট্ৰাক হাইজেকাৰৰ দৌৰাত্মৰ মাজতে ভাল খবৰ আহি পৰিছে । উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে আঠ লক্ষাধিক টকাৰ গাড়ীসহ টিনপাত । উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী বিষয়া ডিম্পল গৈহাৰী আৰু চাংসাৰী আৰক্ষীৰ যৌথ উদ্যোগত চলোৱা অভিযানত হাজো চৰৰ গাঁওবুঢ়া পামৰ পৰা হাইজেক হোৱা টিনপাতৰ গাড়ীসহ আটক কৰিছে তিনি ট্ৰাক হাইজেকাৰ । আৰক্ষীয়ে আটকাধীন ট্ৰাক হাইজেকাৰৰ পৰা AS 25 P 2287 নম্বৰৰ পালচাৰ বাইক সহ ২৬০০০ টকাও উদ্ধাৰ কৰিছে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ৮৯/২১ উছ এছ ৪০৭ গোচৰৰজু কৰি তদন্ত আৰম্ভ কৰিছে । উল্লেখ্য যে , আজি আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা AS 01FC – 7645 নম্বৰৰ ট্ৰাকখন যোৱা ১৯ ফ্ৰেবুৱাৰীত উত্তৰ গুৱাহাটী ৰবি ষ্টীল নামৰ উদ্যোগ প্ৰতিস্থানৰ পৰা অৰুণাচললৈ টিনপাত লৈ যোৱা অবস্থাত হাইজেক হৈছিল ।