উত্তৰ জামুগুৰিৰ বিভিন্ন প্ৰান্তৰ লগতে বৰদিকৰাই আৰু টৌভঙাত উলহ মালহৰে মিচিং সম্প্ৰদায়সকলৰ পৱিত্ৰ কৃষি ভিত্তীক উৎসৱ আলি আয়ে লৃগাং উদযাপন

32

উত্তৰ জামুগুৰিৰ বিভিন্ন প্ৰান্তৰ লগতে বৰদিকৰাই আৰু টৌভঙাত উলহ মালহৰে মিচিং সম্প্ৰদায়সকলৰ পৱিত্ৰ কৃষি ভিত্তীক উৎসৱ আলি আয়ে লৃগাং উদযাপন
দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ১৭ ফেব্ৰুৱাৰীঃ আজি মিচিং সম্প্ৰদায়সকলৰ পৱিত্ৰ কৃষি ভিত্তীক উৎসৱ আলি আয়ে লৃগাং । ফাগুন মাহৰ প্ৰথম বুধবাৰৰ দিনটোতে পালন কৰে এই বিশেষ উৎসৱ । শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰিস্থিত বিভিন্ন প্ৰান্তৰ লগতে বৰদিকৰাই, টৌভঙা, বনগাঁৱত পুৰুষ মহিলাসকলে বহু উলহ মালহৰে পালন কৰে মিচিং সম্প্ৰদায়সকলৰ পৱিত্ৰ কৃষি ভিত্তীক উৎসৱ আলি আয়ে লৃগাং । কাৰ্যসূচী মৰ্মে বৰদিকৰাই অঞ্চলত বৰদিকৰাই উন্নয়ন সমিতি আৰু চু:জন আজন যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত কৰা পুৱাই পতাকা উত্তোলন কৰে অঞ্চলৰ জেষ্ঠ সমাজকৰ্মী পূৰ্ণ সিং ঙাটে । তাৰপিছতে অঞ্চলৰ জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনায় শ্বহীদ তৰ্পন অনুষ্ঠানত পুষ্পাঞ্জলী অৰ্পণ কৰি জাতীয় শ্বহীদসকলক শ্ৰদ্ধা জনায় এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি গভীৰ শ্ৰদ্ধাঞ্জলী জনায় । তাৰপিছতে বয়োজেষ্ঠ আইমাতৃ, পুৰুষ-মহিলা, যুৱক-যুৱতিৰ লগতে কন কন শিশুসকলেও অংশগ্ৰহণ কৰি গুমৰাগ ছঃমানৰ নৃত্যত ঐনিতমৰ সুৰে সুৰে সকলোৱে গীত পৰিৱেশন কৰি নৃত্য কৰাও পৰিলক্ষিত হয় । ঐনিতমৰ মাজেৰে অসমবাসীক পৱিত্ৰ কৃষিভিত্তীক উৎসৱ আলি আয়ে লৃগাঙৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলে বৰদিকৰাই, টোভঙা, বনগাঁৱ অঞ্চলৰ মিচিং সম্প্ৰদায় সকলৰ ৰাইজে ।

Total Page Visits: 13 - Today Page Visits: 1