এইবাৰৰ নিৰ্বাচন দ্বিতীয় স্বাধীনতা সংগ্ৰাম মন্তব্য ওৱাজেদ আলী চৌধুৰী

26

এইবাৰৰ নিৰ্বাচন দ্বিতীয় স্বাধীনতা সংগ্ৰাম মন্তব্য ওৱাজেদ আলী চৌধুৰী

দুৰ্নীতিৰ দৰ্পণ সিৱা, হাটশিঙিমাৰী, ২১ মাৰ্চঃ আগন্তুক বিধানসভা নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান দিন বাকী। পূৰ্বতকৈ অধিক তৎপৰ হৈ পৰিছে ৰাজ্যৰ সকলো ৰাজনৈতিক দল ৷ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ২২ নং দক্ষিণ শালমাৰা বিধানসভা সমষ্টিৰ বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ চলাইছে মহাজোঁট বন্ধনৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ওৱাজেদ আলী চৌধুৰীয়ে । শনিবাৰে সন্ধিয়া ৬ বজাত সমষ্টি খনৰ হাজিৰহাট উজান বজৰা এম ই মাদ্ৰাছা স্কুলৰ খেল পথাৰত আয়োজন কৰা এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলায় ওৱাজেদ আলী চৌধুৰীয়ে । উক্ত নিৰ্বাচনী সভাত সহস্ৰাধিক ৰাইজ অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় । চৌধুৰীয়ে সভাত অংশগ্ৰহণ কৰি বিৰোধীক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে কয় এইবাৰৰ নিৰ্বাচন দ্বিতীয় স্বাধীনতা সংগ্ৰাম বুলি মন্তব্য কৰে ওৱাজেদ আলী চৌধুৰী ৷