এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈৰ বাহনক আক্ৰমণ কৰাৰ প্ৰতিবাদত ঢকুৱাখনাত বিক্ষোপ কাৰ্যসূচী ৰূপায়ণ

27

এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈৰ বাহনক আক্ৰমণ কৰাৰ প্ৰতিবাদত ঢকুৱাখনাত বিক্ষোপ কাৰ্যসূচী ৰূপায়ণ
ঢকুৱাখনাৰ পৰা মানস প্ৰতীম কাশ্যপৰ প্ৰতিবেদন ,২মাৰ্চঃ নলবাৰী জিলাৰ কালাগত যোৱা ২৮ ফেব্ৰুৱাৰীৰ দিনা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ বাহনক লক্ষ্য কৰি এদল উদণ্ড যুৱকৰ দলে আক্ৰমণ কৰাৰ ঘটনাক তীব্ৰ গৰিহণা আৰু নিন্দা কৰি অসম জাতীয় পৰিষদ ঢকুৱাখনা সমষ্টি সমিতিয়ে আজি ঢকুৱাখনা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত বিক্ষোপ কাৰ্যসূচী ৰূপায়ন কৰে । বিজেপিৰ গুণ্ডাগিৰি নচলিব,বিজেপি গ’বেগ আদি বিভিন্ন শ্ল’গান দিয়াৰ লগতে প্ৰতিবাদকাৰী সকলে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে এই বিক্ষোপ কাৰ্য্যসূচী বাহিৰ কৰি গুণ্ডাবাহিনিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে । উক্ত এই বিক্ষোপ কাৰ্যসূচীত উপস্থিত থাকে ঢকুৱাখনা জিলা সভাপতি বিনয় গোহাঁই; ঢকুৱাখনা সমষ্টিৰ সভাপতি অৰূপ কোৱৰ ; মুৰুলী চেতিয়া ; ঢকুৱাখনা বিধান সভা সমষ্টিৰ সম্পাদক নিবিত শইকীয়া ; যুৱ শক্তিৰ সভাপতি প্ৰনৱ দত্তকে প্ৰমুক্ষে প্ৰায় অৰ্ধশতাধিক লোকে অংশগ্ৰহণ কৰে।