ঐক্য সেনা অসমৰ হোজাই জিলা সমিতিৰ উদ্যোগত ডবকা উৎসৱৰ আয়োজনঃ গীত-নৃত্য, তৰ্ক প্ৰতিযোগিতাৰ মুখৰ ডবকা

27

ঐক্য সেনা অসমৰ হোজাই জিলা সমিতিৰ উদ্যোগত ডবকা উৎসৱৰ আয়োজনঃ গীত-নৃত্য, তৰ্ক প্ৰতিযোগিতাৰ মুখৰ ডবকা

জমিৰ উদ্দিন তালুকদাৰ, ডবকা , ১৬ ফেব্ৰুৱাৰীঃ এক বৰ্ণাঢ্য কাৰ্যসূচীৰে পোন প্ৰথমবাৰৰ বাবে হোজাই জিলাৰ ডবকা চহৰত অনুষ্ঠিত কৰা হল ডবকা উৎসৱ ৷ ঐক্য সেনা অসমৰ হোজাই জিলা সমিতিৰ উদ্যোগত ডবকা নেহৰু ময়দান খেলপথাৰত আয়োজন কৰা ডবকা উৎসৱৰ পতাকা উত্তোলন কৰে হোজাই জিলা সমিতিৰ সভাপতি তথা ব্যৱস্থাপক সমিতিৰ অধ্যক্ষ আহমদ হুছেইনে ৷ তাৰ পিছত ডবকা চহৰত উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা ৷ জাতি-জনগোষ্ঠীয় পৰম্পৰাৰে অনুষ্ঠিত কৰা সাংস্কৃতিক শোভাযাত্ৰাত ডবকা অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ কেবা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে ৷ তাৰ পিছতেই অনুষ্ঠিত কৰা হয় কুইজ, তৰ্ক আৰু নৃত্য প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাত ডবকা, নীলবাগান অঞ্চলৰ কেবাখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ লয় ৷ কুইজ প্ৰতিযোগিতা পৰিচালনা কৰে ডবকা হাজী আনফৰ আলী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক শ্বিব্বিৰ আহমেদ উচমানী আৰু হোজাই আজমল আইন মহাবিদ্যালয়ৰ ছাত্ৰ আশ্ৰাফুল হুছেইন বৰভূঞাই ৷ তৰ্ক প্ৰতিযোগিতা পৰিচালনা কৰে সাংবাদিক জমিৰ উদ্দিন তালুকদাৰ আৰু জমিৰ উদ্দিন তালুকদাৰে ৷ একেদৰে নৃত্য প্ৰতিযোগিতাৰ বিচাৰকৰ আসন শুৱনি কৰে অধ্যাপক ডঃ হাছিনুচ চুলতান আৰু শ্বিব্বিৰ আহমেদ উচমানীয়ে ৷ তাৰ পিছতেই অনুষ্ঠিত হয় মুকলি সভা ৷ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে হোজাইৰ বিশিষ্ট সমাজ সেৱক আনৱাৰ হুছেইন, বিশিষ্ট অতিথিৰ ৰূপত উপস্থিত থাকে হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব প্ৰণিতা মৰাং, হোজাই জিলা উকিল সন্থাৰ সভানেত্ৰী ৰোহিনা ৱাৰিছ, সম্পাদৰ অমৰজ্যোতি শইকীয়া, সমাজসেৱক টিপু ৱাৰিছ, অধ্যাপকদ্বয় ক্ৰমে ডঃ হাচিনুচ চুলতান, শ্বিব্বিৰ আহমেদ উচমানী, সাংবাদিক কফিল উদ্দিন বৰভূঞা, ছাদিকুজ জামান, কমৰুল খান, অসম কবি চক্ৰৰ মুখ্য সংগঠক ইমৰান হুছেইন বৰভূঞাকে ধৰি ডবকা অঞ্চলৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ৷ মুকলি সভাৰ আঁত ধৰে মিজানুৰ ৰহমান লস্কৰ, ময়দুল আলম বৰভূঞা, বিদীশা বাগলাৰী, মুক্তাৰ হুছেইন ৷ মুকলি সভাৰ পৌৰোহিত্য কৰে ঐক্য সেনা অসম, হোজাইৰ সভাপতি আহমদ হুছেইন ৷ নিশা ডবকা খেলপথাৰত এখন সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হয় ৷ অনুষ্ঠানটিত বিশিষ্ট শিল্পী আস্থাৰূপাই গীত পৰিৱেশন কৰে ৷

Total Page Visits: 35 - Today Page Visits: 1