ঐতিহ্যমণ্ডিত ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত এন.চি. চি সপ্তম অসম আৰু মহাবিদ্যালয় ইউনিটৰ দ্বাৰা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এ.টি.চি কেম্পৰ আয়োজন

51


ঐতিহ্যমণ্ডিত ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত এন.চি. চি সপ্তম অসম আৰু মহাবিদ্যালয় ইউনিটৰ দ্বাৰা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এ.টি.চি কেম্পৰ আয়োজন
ধুবুৰীৰ পৰা পাৰভেজুৰ ৰহমান ,২৫ ফেব্ৰুৱাৰী : নামনি অসমৰ প্ৰখ্যাত ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত সপ্তম অসম বেটেলিয়ন আৰু মহাবিদ্যালয় ইউনিটৰ সহযোগত এখনি পাঁচদিনীয়া(২২-২৬ ফেব্ৰুৱাৰী) এ.টি.চি.কেম্পৰ আয়োজন কৰিছে । বিশেষকৈ’বি’আৰু চি’ প্ৰমাণপত্ৰৰ বাবে জৰুৰী এই কেম্প উদ্ঘাটন কৰে কমাণ্ডেণ্ট আৰ পি দহিয়াই । নামনি অসমৰ বৰপেটা,নলবাৰী,কোকৰাঝাৰ আদি জিলাৰ মহাবিদ্যালয়ৰ পৰা সৰ্বমুঠ তিনিশ বাসত্তৰ গৰাকী কেডেটে ভাগ লোৱা এইখন কেম্পত চাৰিজন এ.এন.ও আৰু বহুকেইজন পি.আই.ষ্টাফে কেডাৰ সকলক পৰীক্ষা উপযোগী বিভিন্ন শ্ৰেণী লোৱাৰ উপৰিও পি.টি,ড্ৰিল আৰু অন্যান্য শাৰীৰিক প্ৰশিক্ষণ দিয়াৰ ব্যবস্থা কৰিছে । ইয়াৰোপৰি পাঁচ পাঁচ ৰাউণ্ড ফাইৰিঙ প্ৰশিক্ষণৰো ব্যবস্থা কৰা হৈছে । কালি ‘বি’পৰীক্ষাৰ কেডাৰ সকলৰ প্ৰশিক্ষণৰ অন্ত পৰে যদিও ছাব্বিশ তাৰিখলৈ’চি’ পৰীক্ষাৰ কেডাৰ সকলৰ প্ৰশিক্ষণ চলি থাকিব বুলি লেফ্টেনেন্ট ড.চন্দ্ৰ শেখৰ উপাধ্যায়ে আমাক জানিব দিয়ে । মুঠৰ ওপৰত কেডাৰ সকলৰ উপস্থিতিয়ে আমাক যথেষ্ট উৎসাহ প্ৰদান কৰিছে বুলি তেখেতে উল্লেখ কৰিছে । সকলো কেডাৰকে প্ৰমাণ পত্ৰৰ ব্ৱস্থাৰে নিয়াৰিকৈ কেম্প সম্পাদনাত গুৰুত্ব দিয়া বুলি ড.উপাধ্যায়ে সাংবাদিক জানিব দিয়ে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here