কা বাতিলৰ দাবীত ডবকাত আছুৰ প্ৰতিবাদ

61

কা বাতিলৰ দাবীত ডবকাত আছুৰ প্ৰতিবাদ
দুৰ্নীতিৰ দৰ্পণ সেৱা,হবিবুৰ ৰহমান , ২০ মাৰ্চঃ ৰেলীৰে সমদল কৰি কা’ৰ বিৰুদ্ধে ডবকা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এই প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ ডবকা আঞ্চলিকৰ সভাপতি জাবেদ আহমেদ আৰু সম্পাদক এবাদ উদ্দিনৰ নেতৃত্বত শতাধিক আছু কৰ্মী সমৰ্থকে বিজেপি গ’ বেক , কা আমি নামানো , আৰ এছ এছৰ গুণ্ডাগিৰি নচলিব,হিমন্ত বিশ্ব শৰ্মা গ’বেক আদি বিভিন্ন শ্লগান দি ডবকাৰ পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷ উল্লেখ্য যে , সমগ্ৰ ৰাজ্যৰ লগতে হোজাই জিলাৰ ডবকাতো ডবকা আঞ্চলিক ছাত্ৰ সন্থাই “নাগৰিকত্ব সংশোধনী আইন” বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ সাৱস্ত কৰে ৷ আছুৰ এই প্ৰতিবাদকাৰী সকলে কয়-অসমীয়াই জাতিধ্বংসী নাগৰিকত্ব আইন কোনো কাৰণতে মানি লোৱা নাই আৰু কেতিয়াও মানি নলয় ৷ অসমৰ ৰাইজে ইয়াৰ প্ৰত্যোত্তৰ আগন্তক নিৰ্বাচনত দিব বুলি মন্তব্য কৰে নেতা সকলে।কা’ বাতিল নহলে আছুৰ কৰ্মকৰ্তা সকলে তেওঁলোকৰ গাত শেষ বিন্দু তেজ থকালৈকে গণতান্ত্ৰিক পদ্ধতিৰে এই আন্দোলন অব্যাহত ৰাখিব বুলি হুংকাৰ প্ৰদান কৰে ৷