কয়াকুছিত অসম জাতীয় পৰিষদৰ যোগদান পৰ্ব অনুষ্ঠানত লুৰিণ জ্যোতি গগৈ

33

কয়াকুছিত অসম জাতীয় পৰিষদৰ যোগদান পৰ্ব অনুষ্ঠানত লুৰিণ জ্যোতি গগৈ
দুৰ্নীতিৰ দৰ্পণ সেৱা , বৰপেটা , ৪ ফেব্ৰুৱাৰী ঃঃ সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাণকেন্দ্ৰ কয়াকুছিত অসম জাতীয় পৰিষদৰ এখন বিশাল যোগদান সমাৰোহ অনুষ্ঠিত হয় ৷ যোগদান সমাৰোহত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈ,কাৰ্যকৰী সভাপতি পবীন্দ্ৰ ডেকা ,দেৱজিৎ অধিকাৰী ,বিশিষ্ট সমাজ কৰ্মী দুলু আহমেদৰ লগতে জিলা বিষয়ববীয়া সকল উপস্থিত থাকে ৷ যোগদান সমাৰোহত বিশাল ৰেলিৰে আগুৱাই আনে জাতীয় পৰিদৰ কৰ্মী সমৰ্থক সকলে ৷ সভাখন পৰিচালনা কৰে দুলু আহমেদে,বিধায়ক পবীন্দ্ৰ ডেকাই কয় ভাষণত কয় তেল শোধানাগাৰ, কাগজ কল,বিমান বন্দৰ বিক্ৰী কৰি এতিয়া অসম আৰু অসমৰ জনসাধাৰণক বিক্ৰী কৰিব বুলি উল্লেখ কৰে ৷অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে কয় সাম্প্ৰদায়িক বিজেপিক কংগ্ৰেছ বা এআইইউডিএফক ভোট প্ৰদান কৰিলে সাম্প্ৰদায়িক শক্তি উৎখাত নহয়,অসম জাতীয় পৰিষদক ভোট প্ৰদান কৰিব লাগিব ৷বিজেপি চৰকাৰে কণী,মাছ,মাংস,কয়লা,তেল সকলোতে কমিছন ভোগ কৰি আছে ৷অসমৰ জনসাধাৰণৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে যেতিয়াই অন্যায় কৰিব খুজে , তেতিয়াই জাগি উঠে ৷কিন্তু বিজেপি চৰকাৰে আন্দোলন কৰিলে শ্বহীদ সংখ্যা বৃদ্ধি পাব বুলি কয় ৷কিন্তু মাধ্যম আন্দোলন, অসম আন্দোলনৰ জৰিয়তে আগতেই চৰকাৰক বুজাই দিছে আৰু বৰ্তমান সময়তো বশজাই দিব ৷ এই যোগদান পৰ্বত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সবজুল হক শিকদাৰ লগতে বিভিন্ন দলৰ শতাধিক কৰ্মী যোগদান কৰা বুলি জানিবলৈ দিয়ে ৷ আজিৰ সভাতেই ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে সন্মিলিত ভাবে নিৰ্বাচনত অংশ কৰিব বুলি উল্লেখ কৰে ৷

Total Page Visits: 9 - Today Page Visits: 1