গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ পৰা আৰম্ভ হ’ল কংগ্ৰেছৰ “অসম বচাও আহক” অভিযান

39
গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ পৰা আৰম্ভ হ’ল কংগ্ৰেছৰ “অসম বচাও আহক” অভিযান
 কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা জীতেন্দ্ৰ সিঙক লগত লৈ বটদ্ৰৱা থানত সেৱা ললে ৰিপুণ বৰা, প্ৰদ্যুত বৰদলৈ, গৌৰৱ গগৈ, ৰকিবুল হুছেইনে
ৱাহিদুদ জামান , নগাঁও , ১২ ফেব্ৰুৱাৰী : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰত্যেকটো ৰাজনৈতিক দলৰে কেন্দ্ৰ বিন্দু হৈ পৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান শ্ৰী শ্ৰী বটদ্ৰৱা থান। এক কথাত ক’বলৈ হ’লে পলিটিকেল হাবত  পৰিনত হৈছে গুৰুজনাৰ  জন্মস্থান বটদ্ৰৱা। কি কংগ্ৰেছ, কি বিজেপি, কি অগপ, অজাপ, এ আই ইউ ডি এফ সকলো দলৰ নেতাই নিৰ্বাচনৰ আগমহূৰ্তত বটদ্ৰৱালৈ আগমন ঘটা পৰিলক্ষিত হৈছে। আজি কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙক লগত লৈ বটদ্ৰৱা থানত পুৱাই উপস্থিত হ’ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, সাংসদদ্বয় ক্ৰমে গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈ,  বিৰোধী দলৰ উপ-দলপতি তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন, প্ৰাক্তন মন্ত্ৰী গৌতম বৰাকে ধৰি বহু কংগ্ৰেছ নেতা-কৰ্মী। বিজেপিৰ অপশাসন তথা অত্যাচাৰৰ পৰা ৰাজ্যখনৰ জনসাধাৰণক মুক্ত কৰাৰ ঘোষণাৰে  আজিৰে পৰা ৰাজ্যৰ চাৰিটা ভিন্ন স্থানৰ পৰা কংগ্ৰেছে আৰম্ভ কৰিলে এই ‘অসম বচাও আহক’ অভিযান। কংগ্ৰেছৰ এইসকল নেতাই আজি পুৱাই বটদ্ৰৱা থানত সেৱা লৈ শুভাৰম্ভ কৰে “অসম বচাও আহক” যাত্ৰা। বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিৰ অৱসান ঘটাই এক আধুনিক অসম গঢ়াৰ অংগীকাৰ কৰে। বটদ্ৰৱা থানৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ আগতে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে বিজেপি চৰকাৰক সমালোচনা কৰি কয়,” বিজেপিয়ে আমাৰ অসমীয়াত্ব ওপৰত আঘাত হানিছে। তেওঁলোকে অসমত এক বিজতৰীয়া অপশাসন আৰু অপসংস্কৃতি আৰম্ভ কৰিছে।” তেওঁ আৰু কয়,” আমাৰ অসমীয়াত্ব বনাম বিজেপিৰ বিজতৰীয়া অপশাসনৰ বিৰুদ্ধে আমি যুদ্ধ ঘোষনা কৰিছোঁ। জাতি- ধৰ্মৰ নামত বিজেপিয়ে ভাগ ভাগ কৰি সমগ্ৰ জাতিসত্বাটোক দুৰ্বল কৰাৰ যি চেষ্টা কৰি আহিছে তাৰ বিৰুদ্ধে আমি ঐক্যবদ্ধ হ’ব লাগিব। উচ্চ-নীচ, জাত পাত আদি ভাগত বিভক্ত কৰি অসমীয়া মানুহক ভাগ ভাগ কৰাৰ সংকীর্ণতাৰ পৰা উদ্ধাৰ কৰিব লাগিব।”  তেওঁ আৰু কয়, “আমাৰ গুৰুজনাই এনে আদৰ্শ শিকাই থৈ যোৱা নাছিল।   সেই কাৰণেই কংগ্ৰেছ দলে আজি গুৰুজনাৰ আৰ্শীবাদ লৈ পৱিত্ৰ স্থানৰ পৰা যাত্ৰা আৰম্ভ কৰিছে।” এই যাত্ৰা সমগ্ৰ ৰাজ্যজুৰি অব্যাহত থাকিব বুলি সাংসদ গৰাকীয়ে জানিবলৈ দি বৰদলৈয়ে কয়,” বটদ্ৰৱাৰ পৰা আৰম্ভ কৰা এই যাত্ৰা অকল ৰাজনৈতিক অথবা কংগ্ৰেছৰ যাত্ৰা নহয়, এই যাত্ৰাই অসমৰ সকলো জনসাধাৰণৰ দুখ দুৰ্দশাৰ বুজ লৈ সমাধান কৰাৰ বাট প্ৰশস্ত কৰাৰ যাত্ৰা। এই যাত্ৰা এক সমন্বয়ৰ যাত্ৰা।” আনহাতে, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰন সম্পাদক জীতেন্দ্ৰ সিঙে বটদ্ৰৱা থানত সেৱা লোৱাৰ পিছত এক পথ সভাত অংশ লৈ কয়,” আজি কংগ্ৰেছৰ অসম বচাও অভিযানৰ আৰম্ভণি হৈছে গুৰুজনাৰ পবিত্ৰ জন্মস্থানৰ পৰা।  এই যাত্ৰা অসমৰ জনসাধাৰণৰ যাত্ৰা, অসমৰ দৰিদ্ৰ- দুখীয়াৰ যাত্ৰা। এই অভিযানৰ জৰিয়তে বিজেপি চৰকাৰৰ আচল চেহেৰাটো ৰাইজৰ সন্মুখত দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে।”  ইফালে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাও এই অভিযানত উপস্থিত থাকি বিজেপি চৰকাৰখনক সমালোচনা কৰি কয়,” জাতি-মাটি-ভেটিৰ কথা কৈ শাসনৰ গাদী দখল কৰা এই চৰকাৰখনে এই সকলো বন্ধকত থলে। চৰকাৰখনে কেৱল হিন্দু-মুছলমান কৰি পাঁচটা বছৰ পাৰ কৰিলে।”বৰাই আৰু কয়, “মুল্যবৃদ্ধিত জুৰুলা হোৱা অসমৰ দৰিদ্ৰ জনগনক সকাহ দিয়াৰ স্বাৰ্থত সকলো ৰাইজক এই স্বৈৰাচাৰী চৰকাৰখনক ওফৰাবলৈ আহ্বান জনালো।” তেওঁ লগতে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয়, “বিজেপিয়ে মছজিদ, গীৰ্জা ভঙাৰ বাবে উচটাই এক নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰিছে। তেওঁলোকে  ধৰ্মনিৰপেক্ষক সম্পূৰ্ণ ৰূপে থানবান কৰিছে।”  সাংসদ গৌৰৱ গগৈয়েও চমু ভাষণ দিয়ে। উল্লেখ্য যে,আজি পুৱা বেলা বিভিন্ন শ্লোগান সম্বলিত কেবাখনো গাড়ীৰে কংগ্ৰেছৰ “অসম বচাও আহক” শীৰ্ষক এই যাত্ৰাত অংশ লোৱা বৃহৎ দলটোক জিলাখনৰ ৰাইদঙীয়া, ভকতগাঁও, নগাঁও চহৰৰ ধিং গেট, মৰিগাঁও বাছ আস্থান, জয়শ্ৰী চিনেমা হল চাৰিআলি, ডিমৰুগুৰিত কংগ্ৰেছৰ কৰ্মী সকলে আদৰণি জনোৱাৰ লগতে কেবাখনো পথ সভাত ভাগ লয়। পিছত দলটো উজনি অসমৰ ফালে ৰাওনা হয়।
Total Page Visits: 10 - Today Page Visits: 1