গোলাঘাটত সদৌ গোলাঘাট চুতিয়া ছাত্ৰ সন্থা আৰু গোলাঘাট বেচৰকাৰী যান বাহন তথা লঘু বেচৰকাৰী যান বাহন সন্থাৰ প্ৰতিবাদ

31

গোলাঘাটত সদৌ গোলাঘাট চুতিয়া ছাত্ৰ সন্থা আৰু গোলাঘাট বেচৰকাৰী যান বাহন তথা লঘু বেচৰকাৰী যান বাহন সন্থাৰ প্ৰতিবাদ

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , প্ৰতিবেদক গোলাঘাট , ৭ এপ্ৰিলঃ স্তব্ধ গোলাঘাটৰ যাতায়ত । স্তব্ধ গোলাঘাটৰ বেচৰকাৰী বাচ আস্থান ৷ কালি অৰ্থাৎ ৬ এপ্ৰিল মঙ্গলবাৰে গোলাঘাট প্ৰশাসনৰ দ্বাৰা গোলাঘাট চুতীয়া ছাত্ৰ সন্থা আৰু গোলাঘাট লঘু যান বাহন আস্থান গোলাঘাট আৰক্ষী তথা পৌৰসভাৰ সহায়ত উচ্ছেদ অভিজান চলোৱা কাৰ্য্যত ক্ষুব্ধ হৈ গোলাঘাট চুতীয়া ছাত্ৰ সন্থা আৰু গোলাঘাট গোলাঘাট মটৰ শ্ৰমিক ইউনিয়নে যুটীয়া ভাৱে গোলাঘাট পৌৰসভাৰ কাষতে অৱস্থিত মহাত্মা গান্ধী উদ্যানত গোলাঘাট প্ৰশাসনক তথা গোলাঘাট উপায়ুক্তক ক্ষুৰধাৰ সমালোচনাৰে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীৰে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে ৷ তেওঁলোকে অতি আক্ষেপেৰে কয় যে , কিছুদিন পূৰ্বে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ সময়ত গোলাঘাট মটৰ শ্ৰমিক ইউনিয়নৰ সহায়তে গোলাঘাট প্ৰশাসনে নিৰ্বাচনী কাম কাজ সম্পন্ন কৰিছিল ৷ কিন্তু অতি কৌশলেৰে সৈতে নিৰ্বাচনী কাম কাজ সিদ্ধি হোৱাৰ পিচতেই তেওলোকক অৱগত নকৰাকৈ গোলাঘাট প্ৰশাসনে তেওলোকৰ সৰু পঁজা সম আস্থান আৰু এটা জনগোষ্ঠীয় স্বাভীমান স্বৰুপ কাৰ্যালয়টিৰ হঠাৎ উচ্ছেদ অভিজান চলায় ৷ গতিকে , তেওঁলোকে প্ৰশাসনক আহ্বান জনায় , যাতে তেওলোকৰ কাৰ্য্যালয় দুটি প্ৰশাসনে সাজি দিয়ে ৷