গোসাঁইগাঁওত বিপিএফ এৰি ৭ সহস্ৰাধিক ব্যক্তিৰ বিজেপিত যোগদান

46

গোসাঁইগাঁওত বিপিএফ এৰি ৭ সহস্ৰাধিক ব্যক্তিৰ বিজেপিত যোগদান

দুৰ্নীতিৰ দৰ্পণ সেৱা,মিজানুৰ ৰহমান, গোসাঁইগাঁও, ১৩ ফেব্ৰুৱাৰীঃ বিজেপিৰ মিছন ১০০+ ৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ অসম তে বিজেপিয়ে বিৰাম হীন ভাৱে প্ৰস্তুতি চলাই আছে।বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ শনিবাৰে গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত কাশিয়াবাৰীত এক বিপুল সংখ্যক ব্যক্তিয়ে বিজেপি দলত যোগদান কৰে। ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা ন বিজেপি নেতা বিশ্বজিৎ দৈমাৰীৰ উপস্থিত জমদুৱাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ ৭৮৮৭ জন ব্যক্তি বিপিএফৰ লগতে আন আন দল ত্যাগ কৰি শনিবাৰে বিজেপি দলত যোগদান কৰে। বিপিএফ দলৰ পৰা জমদুৱাৰ পৰিষদীয় সমষ্টি ত বিজয়ী হৈ বিজেপি দলত যোগদান কৰা বিটিআৰ পৰিষদৰ কাৰ্যবাহী সদস্য ৰেওৰেওৱা নাৰ্জিহাৰী, সমাজ সেৱক জেঠমল মালো আদিকে ধৰি কেইবাজনো নেতাৰ নেতৃত্বত বিপিএফ দল ৰ লগতে একাংশ জ্যেষ্ঠ নাগৰিক, যুৱ সমাজে বিজেপি দলত যোগদান কৰে। সভাত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীয়ে কয় যে সকলো স্তৰৰ ব্যক্তিৰ বিজেপিৰ প্ৰতি আকৃষ্ট দেখি আমাৰ মিছন ১০০+ অতি অনায়াসে সাফল্যমণ্ডিত হব বুলি আমি এশ শতাংশ নিশ্চিত হৈছোঁ। তেওঁ এক দৃঢ়তাৰে কয় যে গোসাঁইগাঁওৰ লগতে বিটিছিৰ ১২খন আসন দখল কৰি বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব। সভাত বিটিআৰৰ কাৰ্যবাহী সদস্য তথা জমদুৱাৰ পৰিষদীয় সমষ্টিৰ এমচিএলএ ৰেওৰেওৱা নাৰ্জিহাৰীয়ে কয় যে মোক ভালপায় কাৰণে এই বিপুল সংখ্যক ব্যক্তিয়ে বিপিএফ দল ত্যাগ কৰি আজি বিজেপি দলত যোগদান কৰিছে। সভাত দলীয় কৰ্মীবৃন্দৰ লগতে দহ সহস্ৰাধিক ব্যক্তিয়ে উপস্থিত থাকে।

Total Page Visits: 25 - Today Page Visits: 1