গোসাঁইগাঁৱত অবড়ো সুৰক্ষা সমিতিৰ সংবাদমেল , বিটিআৰ চুক্তি অবড়োৰ বাবে মৰণফান্দঃ ব্ৰজেন মহন্ত

13

গোসাঁইগাঁৱত অবড়ো সুৰক্ষা সমিতিৰ সংবাদমেল , বিটিআৰ চুক্তি অবড়োৰ বাবে মৰণফান্দঃ ব্ৰজেন মহন্ত

দুৰ্নীতিৰ দৰ্পণ সেৱা, মিজানুৰ ৰহমান, গোসাঁইগাঁও, ৪ এপ্ৰিলঃ এইবাৰৰ বিধান সভা নিৰ্বাচন কেৱল মাত্ৰ নিৰ্বাচনেই নহয় ৰাইজৰ মৰণ পণ যুঁজ৷জাতি-মাটি, ধৰ্ম,কৃষ্টি সংস্কৃতি আদি ৰক্ষাৰ নিৰ্বাচন৷এই নিৰ্বাচনত বিজেপিয়ে যিমানেই লম্ফজম্ফ নকৰক কিয়,তেওঁলোকে কোনো কাৰণতে চৰকাৰ গঠন কৰিব নোৱাৰে৷প্ৰথম পৰ্যায়ত বিশখনৰ অধিক আসনত জয়লাভ নকৰে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী৷অবড়ো সুৰক্ষা সমিতিৰ সংবাদমেলত ব্ৰজেন মহন্তৰ আব্দুল ছামাদ চৌধুৰীক ভোটদান কৰিবলৈ আহ্বান অহা ছয় এপ্ৰিলত অনুষ্ঠিত হবলগীয়া তৃতীয়য় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনত ২৮ নম্বৰ গোসাইগাঁও বিধান সভা সমষ্টিৰ অবড়ো সুৰক্ষা সমিতিৰ সমৰ্থিত প্ৰাৰ্থী আব্দুল ছামাদ চৌধুৰীৰ সমৰ্থনত ভোটদান কৰিবলৈ আহ্বান জনায় অবড়ো সুৰক্ষা সমিতিৰ মূখ্য উপদেষ্টা ব্ৰজেন মহন্তই ৷ আজি সংবাদমেলযোগে ব্ৰজেন মহন্তই প্ৰকাশ কৰে যে শৈৰাচাৰী বিজেপি দলে ইতিমধ্যে জানিব পাৰিছে যে তেওলোকৰ দন নিতি শেষ হৈছে ৷ উজনিৰ পৰা নামনি অসমৰ ৰাইজে বিজেপি দলক বৰ্জন কৰি পৰিবৰ্তনৰ দিশে আগবাঢ়িছে ৷ তেও উল্লেখ কৰে যে মিত্ৰ দলৰ অংশীদাৰ ইউ পি পি এলৰ মুৰব্বী প্ৰমোদ বড়োৱে বিটিচিবাসী অবড়ো ৰাইজক উচ্ছেদৰ পৰিকল্পনা কৰিছে ৷ গতিকে ইউ পি পি এল দলৰ পৰা আতৰি থকাৰ লগতে বিগত ১৭ বছৰ বিটিচি শাসন চলোৱা হাগ্ৰামা মহিলাৰীয়ে সৰ্বাংঙ্গীন উন্নয়নৰ নামত বিটিচিবাসী ৰাইজক লুন্ঠন চলাইছে ৷ গতিকে অবড়ো ৰাইজক বঞ্চিত কৰি এটা জনগোষ্ঠীৰ উন্নয়নৰ কাম কৰা বিপিএফ দলকো বৰ্জন কৰি অবড়ো ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত আব্দুল ছামাদ চৌধুৰীক ভোটদান কৰিবলৈ আহ্বান জনায় ৷সংবাদমেলত উপস্থিত প্ৰাৰ্থী আব্দুল ছামাদ চৌধুৰী আৰু অবড়ো সুৰক্ষা সমিতিৰ সভাপতি ললিত হেমব্ৰমে আহ্বান জনায় ৷