গোসাঁইৰ পদস্পৰ্শৰে পুণ্য হ’ল জামুগুৰিহাটৰ ডেকাসুন্দৰ গাঁও , ২১ ৰ মাহাত্ম্য সঁচাই অপাৰ

4

গোসাঁইৰ পদস্পৰ্শৰে পুণ্য হ’ল জামুগুৰিহাটৰ ডেকাসুন্দৰ গাঁও , ২১ ৰ মাহাত্ম্য সঁচাই অপাৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ৩০ মাৰ্চ : জামুগুৰিহাটৰ ফল্গুৎসৱে পুনৰ প্ৰাণ পালে । ধন্য হ’ল ডেকাসুন্দৰ বাসীয়ো । হঠাৎ কেনে এক আধ্যাত্মিক মনোমোহা পৰিবেশ সৃষ্টি হ’ল গাঁওখনত । কালি সোমবাৰে প্ৰথমে প্ৰবেশ কৰিলে উত্তৰ দিশৰ পৰা সৌভাগ্য মাধৱ গোসাঁই,একে সময়তে দক্ষিণ দিশৰ পৰা আগমন হ’ল বুঢ়া গোসাঁই । উঠপ-থপ লাগিল গাঁৱৰ ৰাইজ , যুৱক , মহিলাৰ,কাক কোনে আদৰিব । তাৰ পাছতে আহি পালে দৌকাচাপৰি আৰু কৰতি পাৰৰ গোসাঁই । এক কল্পনাতীত পৰিবেশ । হঠাৎ গাঁওখন যেন বৈকুণ্ঠ পুৰীলৈ ৰূপান্তৰ ঘটিল । চাৰিওপিনৰ পৰা গোসাঁই সহিত ৰাইজ,গোপিনী,যুৱক-যুৱতীৰে ভৰি পৰিল গাঁওখন । হাহাকাৰ লাগিল গাঁওবাসীৰো,কাক ধৰিব-কাক এৰিব । গায়ন-বায়ন জোৰা কেইবাভাগতো বিভক্ত হ’ল । হৰি নামৰ ধ্বনিয়ে মুহূর্ততে আকাশ চানি ধৰিলে । ডেকা সুন্দৰে আদৰিলে গুৰুঘাটেৰে । জাউৰীয়ে জাউৰীয়ে মন্ত্ৰ উচ্চাৰিলে বুঢ়া গোসাঁই,সৌভাগ্য মাধৱৰ পূজাৰীয়ে । আশীৰ্বাদ দিলে শ্ৰী শ্ৰী চেচা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভূ ভৱ গোস্বামী দেৱে । হৰি ধ্বনি জুৰিলে বাৰেচহৰীয়া ৰাইজ সভাৰ সভাপতি অতুল চন্দ্ৰ হাজৰিকা দেৱে । উপস্থিত হ’লহি সদৌ অসম ব্ৰাহ্মণ সমাজৰ সভাপতি অতুল ভট্টাচার্য দেৱো । বাৰেচহৰীয়া ভাওনা স্থলী পকামূৰা পথাৰ হঠাৎ সজীব হ’ল । বায়ন পংকজ বৰুৱা , প্ৰেশৱ কলিতাৰ আঙুলীৰ বুলনীত বাজি উঠিল -“ধে তাও ধে , ধে তাও ধে” লগে লগে গীতৰ লহৰ গায়ন হেমন্ত শইকীয়া,সহযোগী গোলাপ শইকীয়াৰ মুখত । যুৱক সংঘৰ সভাপতি হিৰণ্য হাজৰিকা , সম্পাদক ময়ুৰ বৰুৱাৰ নেতৃত্বত পুৱাই সাজি থোৱা চাৰি বেদিত স্থাপন হ’ব চাৰি পূৰ্ণ বিষ্ণু গোসাঁই । লক্ষ্মীৰ অগোচৰে সম্পন্ন হ’ল বিষ্ণু-ঘুনুচাৰ বিবাহ (স্কন্ধ পুৰাণ)। আনন্দত মতলীয়া হ’ল ভক্তপ্ৰান ৰাইজ । সকলোৱে পান কৰিলে অমিষা মাধুৰী । মুহূৰ্ততে সংকল্প ল’লে আগন্তুক দিনত পূৰ্ব পৰিকল্পনাৰে আৰু অধিক প্ৰাণৱন্ত কৰি পালন কৰা হ’ব তিনি শতাধিক বৰ্ষ অতিক্ৰম কৰা জামুগুৰিহাটৰ ফল্গুৎসৱ । ঘোষণা কৰিলে মাধৱ দেৱালয়ৰ হৈ আগ-ভাল লোৱা ৰঞ্জিত বৰঠাকুৰে । জাউৰীয়ে জাউৰীয়ে হাত-চাপৰিৰে সমৰ্থন জনালে উপস্থিত ৰাইজে । এয়া যেন এক ন-প্ৰভাতৰ উক-মুকনি । এয়াই জামুগুৰিহাটৰ সাংস্কৃতিক বৈভৱ…।

২১ ৰ মাহাত্ম্য : ________________
১) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ২১ বছৰ বয়সত ১৪৭০-৭১ চনত বৰদোৱাত দৌল উৎসৱৰ পাতনি মেলিছিল। (বৰদোৱা চৰিত)

২) ১৭৯৭ চনৰ পৰা আৰম্ভ হোৱা বাৰেচহৰীয়া ভাওনা পোন প্ৰথম উদ্ যাপন সমিতি গঠন হৈছিল ১৯২১ চনত। সভাপতি গংগানাথ বৰুৱা, সম্পাদক হংসধৰ দাস, থানেশ্বৰ ভূঞা।

৩) ১৯২১ চনত পোন প্ৰথম বাৰৰ বাবে ২১ খন ‘খলা’ৰে বাৰেচহৰীয়া ভাওনা অনুষ্ঠিত হৈছিল।
সেয়ে ২০২১ চনৰ কালিৰ দিনটোত বাৰেচহৰীয়া ভাওনা উদযাপন সমিতিয়ে ১০০ বছৰ পূৰ্ণ কৰিলে। সকলোৰে অগোচৰে স্বত্বঃ স্ফূৰ্ত ভাৱে যেন পালন কৰা হ’ল ফল্গুৎসৱৰ লগতে বাৰেচহৰীয়া ভাওনা সমিতিৰ শতবৰ্ষ উদ্ যাপন৷ ডেকাসুন্দৰ যুৱক সংঘই বিষয়বস্তুৰ উমান পাই পুৱাই সজাই থৈছিল পকামূৰা পথাৰৰ দৌল ভাগ। যুৱক সংঘৰ দ্বাৰা সন্ধিয়া ১০১ গচি বন্তি প্ৰজ্বলনৰ কথা আছিলেই। একেটা টিপাতে হিৰণ্য হাজৰিকাই আৰম্ভ কৰিলে আনুষ্ঠানিক ভাৱে বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী। শুভাৰম্ভ কৰিলে বাৰেচহৰীয়া ভাওনা কমিতিৰ সভাপতি ভৱ গোস্বামী আৰু বাৰেচহৰীয়া ৰাইজ সভাৰ সভাপতি অতুল চন্দ্ৰ হাজৰিকা দেৱে। আন্ধাৰ ফালি বন্তিৰ পোহৰত আকৌ প্ৰাণ পালে পকামূৰা পথাৰে।