চতিয়া সমষ্টিত “অসম দৰ্শন” আঁচনিৰ অধীনত ১৯ কোটি টকাৰ ব্যয়ৰে অত্যাধুনিক পথ নিৰ্মাণৰ কাম শুভাৰম্ভ বিধায়ক পদ্ম হাজৰিকাৰ

35

চতিয়া সমষ্টিত “অসম দৰ্শন” আঁচনিৰ অধীনত ১৯ কোটি টকাৰ ব্যয়ৰে অত্যাধুনিক পথ নিৰ্মাণৰ কাম শুভাৰম্ভ বিধায়ক পদ্ম হাজৰিকাৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ১০ ফেব্ৰুৱাৰীঃ চতিয়া সমষ্টিৰ অন্তৰ্গত জীয়াভৰলী বনভোজ স্থলী পথৰ লগতে বিভিন্ন প্ৰান্তৰ ৬ টা অত্যাধুনিক পথ নিৰ্মাণৰ কাম আজি বুধবাৰে শুভাৰম্ভ কৰে চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই । “অসম দৰ্শন” আঁচনিৰ অধীনত জীয়াভৰলী বনভোজ স্থলীৰ অত্যাধুনিক পথৰ লগতে বিভিন্ন প্ৰান্তত ৬ টা পথ নিৰ্মাণৰ কাম প্ৰায় ১৯ কোটি টকাৰ ব্যয়ৰে শুভাৰম্ভ কৰা হ’ল বুলি আমাক জানিবলৈ দিয়ে বিধায়ক পদ্ম হাজৰিকাই । লগতে কয় যে মোৰ বিধায়ক হোৱা ২০ বছৰ হ’ল কিন্তু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডিৰ ৰাজ্যখনৰ প্ৰতি থকা শুভ দৃষ্টিত আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, দক্ষ পি ডবলিউ ডি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আমি চতিয়া সমষ্টিৰ যাতায়ত ব্যৱস্থাতো উন্নত কৰাত মই অতি কম সময়তে সফল হৈছো বুলিও মন্তৱ্য কৰে বিধায়ক পদ্ম হাজৰিকাই ।

Total Page Visits: 12 - Today Page Visits: 1