চতিয়া সমষ্টিত বিশাল গোৰ্খা সন্মিলনত উপস্থিত থাকি নিৰ্বাচনী প্ৰচাৰ চলালে বিধায়ক পদ্ম হাজৰিকাই

46

চতিয়া সমষ্টিত বিশাল গোৰ্খা সন্মিলনত উপস্থিত থাকি নিৰ্বাচনী প্ৰচাৰ চলালে বিধায়ক পদ্ম হাজৰিকাই
দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ৪ মাৰ্চঃ চতিয়া সমষ্টিৰ বিভিন্ন প্ৰান্তৰ লগতে টুপিয়াস্থিত বৰমতা, আগ্ৰিপাম, ২নং বাটমাৰী, মৰিসুঁতিত এক বিশাল গোৰ্খা সন্মিলনত উপস্থিত থাকি চতিয়া ৰত্ন তথা চতিয়া সমষ্টিৰ জনপ্ৰিয় বিধায়ক পদ্ম হাজৰিকাই ২৭ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া আগুন্তুক বিধান সভা সমষ্টিৰ নিৰ্বাচনৰ প্ৰচাৰ চলোৱা পৰিলক্ষিত হ’ল । উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে বিধায়ক পদ্ম হাজৰিকাক বিশাল বাইক ৰেলিৰে আদৰি অনাৰ লগতে মাঙ্গলিক নিয়মৰে মহিলাসকলে আদৰি অনাও পৰিলক্ষিত হয়। উক্ত নিৰ্বাচনী সভাত বিধায়ক পদ্ম হাজৰিকাই ভাষণ প্ৰসংগত কয় যে , চতিয়া সমষ্টিত এতিয়া উন্নয়নৰ বাবে ৰাইজে মোক আদৰি লৈছে । মোৰ সমষ্টিৰ প্ৰতিখন গাঁৱত যাতায়তৰ সু-ব্যৱস্থা কৰাৰ লগতে,নিবনুৱা সকলক অৰ্থনিতীৰ দিশত বিভিন্ন আত্ম সহায়ক গোটৰ জৰিয়তে স্ব-নিৰ্ভৰশীল হোৱাৰ লগতে মহিলাসকলক বিভিন্ন দিশত আগৰণুৱা কৰাৰ উপৰিও একেলগে চাৰি হাজাৰ মহিলাক অৰুণোদয় আঁচনিৰ জৰিয়তে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া তিনিহাজাৰ টকাকৈ সকলোকে দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে । লগতে কয় যে , টুপিয়া-বালিজুৰী সংযোগী পথটো ৪৪ কোটি টকাৰ ব্যয়ৰে অত্যাধুনিক পথটোৰ বৰ্তমান নিৰ্মাণ কাৰ্য চলি আছে ,২০১৮ চনৰ পৰা চতিয়া সমষ্টিত চাৰে তিন লাখ লোকক মাটিৰ পট্টা প্ৰদান কৰাৰ উপৰিও চকিঘাটত সন্দেহযুক্ত নাগৰিকে ভৰি পৰা প্ৰায় পাঁচশ বাইচ ঘৰ উচ্ছেদ কৰা হৈছিল । বিধায়ক পদ্ম হাজৰিকাই আমাক জানিবলৈ দিয়ে যে গোৰ্খা সম্প্ৰদায়ৰ লোকসকল মোৰ হৃদয়ত স্থাপন কৰাৰ লগতে এইবাৰ চতিয়া সমষ্টিত অভিলেখ সৃষ্টিৰে আমি জয়লাভ কৰিম ।