চতিয়া সমষ্টিৰ জামুগুৰিহাটত বিশাল নিৰ্ব্বাচনী সভা , উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা , বিজেপি প্ৰাৰ্থী পদ্ম হাজৰিকাৰ সমৰ্থনত প্ৰচাৰ অভিযান

31

চতিয়া সমষ্টিৰ জামুগুৰিহাটত বিশাল নিৰ্ব্বাচনী সভা , উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা , বিজেপি প্ৰাৰ্থী পদ্ম হাজৰিকাৰ সমৰ্থনত প্ৰচাৰ অভিযান
দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন ,১৫ মাৰ্চঃ শোনিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ পৰিদৰ্শন বঙলাৰ কাষত অনুষ্ঠিত এক বিশাল নিৰ্ব্বাচনী সভাত বিধায়ক তথা সমষ্টিটোৰ বিজেপি দলৰ মনোনিত প্ৰাৰ্থী পদ্ম হাজৰিকাৰ হৈ নিৰ্ব্বাচনী প্ৰচাৰ অভিযান চলায় ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ৷ বিধায়ক পদ্ম হাজৰিকাই আদৰনী ভাষণ দিয়া নিৰ্ব্বাচনী সভাখনত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং , তেজপুৰ লোকসভা সমষ্টিৰ সাংদ পল্লব লোচন দাস , ৰাষ্ট্ৰীয় সম্পাদক তথা মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলিপ শইকীয়া আদিয়েও অংশগ্ৰহণ কৰে ৷ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে ভাষণ প্ৰসংগত কংগ্ৰেছ দলটোক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্নয়ন মুলক কাম কাজৰ খটিয়ান দাঙি ধৰে ৷ চতিয়া সমষ্টিৰ দলটোৰ মনোনিত প্ৰাৰ্থী পদ্ম হাজৰিকাক বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত কৰিবলৈ ৰাইজক আহৱান জনায় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে।১০ হাজাৰৰো অধিক লোকৰ উপস্থিতিত অনুষ্ঠিত নিৰ্বাচনী সভাখনত অংশ গ্ৰহণ কৰি ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰ্শীবাদৰ হাতখন আজি অসমৰ ওপৰত পৰাৰ বাবেই আজি অসমৰ সৰ্বোদিশৰ উন্নয়ন হোৱা বুলি উল্লেখ কৰে ৷