চাবুৱা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰিয়ংকা সন্দিকৈ নেওগৰ সংবাদমেল , নিৰ্বাচনত জয়ী হোৱাৰ দৃঢ় বিশ্বাসেৰে আগবাঢ়িছে প্ৰিয়ংকা সন্দিকৈ নেওগ

46

চাবুৱা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰিয়ংকা সন্দিকৈ নেওগৰ সংবাদমেল , নিৰ্বাচনত জয়ী হোৱাৰ দৃঢ় বিশ্বাসেৰে আগবাঢ়িছে প্ৰিয়ংকা সন্দিকৈ নেওগ

দুৰ্নীতিৰ দৰ্পণ সেৱা , তিনিচুকীয়া ,প্ৰেমানন্দ দাস , ১৩ মাৰ্চঃ সমাগত বিধানসভাৰ নিৰ্বাচন । প্ৰথম পৰ্য্যায়ৰ ৪৭ টা সমষ্টিৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে , সিমানেই তৎপৰতা বাঢ়িছে বিভিন্ন ৰাজনৈতিক দল সমূহৰ । তাৰ মাজৰে অসমৰ এটা অন্যতম সমষ্টি চাবুৱা সমষ্টি । য’ত যোৱা বাৰৰ চাবুৱা সমষ্টিৰ বিজেপিৰ বিধায়ক বিনোদ হাজৰিকা এইবাৰ বিজেপি দলে লাহোৱাল সমষ্টিলৈ প্ৰক্ষেপ কৰি বিজেপিৰ মিত্ৰজোঁট অগপৰ প্ৰাৰ্থী পোনাকণ বৰুৱাক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে । তাকে লৈ ক্ষোভিত চাবুৱা সমষ্টিৰ তৃণমূল পৰ্যায়ৰ বিজেপিৰ কৰ্মী । তেওঁলোকে দল ত্যাগ কৰি প্ৰিয়ংকা সন্দিকৈ নেওগক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে চাবুৱা সমষ্টি থিয় কৰোৱাইছে । যাক লৈ বিজেপিৰ সমৰ্থক সকলে এতিয়া প্ৰচাৰ অভিযানো আৰম্ভ কৰিছে । লগতে আলফা (স্বা)ৰ তৰফৰ পৰাও প্ৰিয়ংকাক ফোনযোগে শুভেচ্ছা জ্ঞাপন কৰিছে । ইতিমধ্যে নিৰ্বাচনী আয়োগে নিৰ্দলীয় প্ৰাৰ্থী প্ৰিয়ংকা সন্দিকৈ নেওগক প্ৰতীক চিহ্ন হিচাপে ট্ৰেক্টৰ চিহ্ন প্ৰদান কৰিছে । যিটো আজি তেওঁ আৰু তেওঁৰ সমৰ্থকাৰী সকলে তেওঁৰ বাসগৃহত এক সংবাদমেলৰ জৰিয়তে সকলোকে অৱগত কৰোৱাই । উল্লেখ্য যে , চাবুৱা সমষ্টিত এইবাৰ মুঠ পাঁচজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে । তাৰে বিজেপি অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী পোনাকণ বৰুৱা , কংগ্ৰেছৰ অজয় ফুকন , ৰাইজৰ দলৰ ভৱেন বৰুৱা , নিৰ্দলীয় প্ৰাৰ্থী প্ৰিয়ংকা নেওগ আৰু অনন্ত হাজৰিকাই প্ৰাৰ্থীত্ব আগবঢ়াইছে।