জামুগুৰিহাটত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল উপস্থিত থাকি বহুকেইটা আঁচনিৰ শুভ উদ্বোধন

60

জামুগুৰিহাটত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল উপস্থিত থাকি বহুকেইটা আঁচনিৰ শুভ উদ্বোধন
দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ২৩ ফেব্ৰুৱাৰীঃ আজি দিনযোৰা কাৰ্যসূচীৰে চতিয়া সমষ্টিৰ জামুগুৰিহাটত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৷ প্ৰথমেই ভৰলীপৰীয়া কন্যকা বহুমূখী পামৰ দুগ্ধ পাম পৰিদৰ্শন কৰাৰ লগতে পঞ্চায়ত আৰু গ্ৰামোনন্নয়ন বিভাগৰ অসম ৰাজ্যিক গ্ৰামীন জিৱীকা অভিযানৰ উদ্যোগত জামুগুৰিহাটৰ পৰিদৰ্শন বাংলা চৌহদত অনুষ্ঠিত হোৱা এক বিশাল মহিলা সমাৰোহত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সোনোৱালে ১৫৩ গৰাকী জীৱিকা সখীক একোখনকৈ স্কুটাৰ প্ৰদান কৰাৰ লগতে জিলাখনৰ ৩৩৪০ টা গোটক ৫০০০০ টকাৰ চেক প্ৰদান কৰে ৷ সমাৰোহত অংশগ্ৰহন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নাৰী শক্তিক উদ্দেশ্যি নিজৰ ভাষণ প্ৰসংগত কয় যে , বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমৰ মহিলা সকলোলৈ আগবঢ়োৱা বিভিন্ন আঁচনিৰ দ্বাৰা অসমৰ অৰ্থনৈতিক দিশ যথেষ্ট টনকীয়াল হোৱা পৰিলক্ষিত হৈছে ৷ নাৰী শক্তিক সমাজৰ শ্ৰেষ্ঠ শক্তি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে সমাজৰ উন্নয়নৰ বাবে মহিলাসকলক আগবাঢ়ি আহিবলৈ আহ্বান জনায় ৷ ইপিনে , চতিয়া সমষ্টিৰ দিঘলী চাপৰিত নিৰ্মান হ’বলগীয়া এখন উদ্যোগিক উদ্যানৰ লগতে হাজাৰীমলত হ’বলগীয়া ITI কলেজ নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভনী কৰাৰ লগতে চতিয়াৰ বিধায়ক পদ্ম হাজৰীকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা কন্যকা বহুমুখী পামৰ অন্তৰ্গত ধুগ্ধ উদ্যোগ তথা প্ৰায় ১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা দৈ ক্ৰীম আদি প্ৰস্তুত কৰা এক অত্যাধুনিক যন্ত্ৰ সমুহৰ উদ্যোগটোৰ শুভাৰম্ভনী কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ইফালে , আলফা স্বাধীনৰ দ্বাৰা অপহৃত কুইপৰ দুই বিষয়াক শীঘ্ৰে মুক্তি কৰি দিবলৈ আহৱান জনায় মূখ্যমন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰ পিছতে মূখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱাল জামুগুৰিহাটৰ পাঞ্চজন্য ক্ষেত্ৰত উপস্থিত হৈ মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ নামধৰ্ম সমাজ অসমৰ দ্বাৰা আয়োজিত ৰাজ্যিক যুৱ আৰু শোনিতপুৰ জিলা আইমাতৃ সমাৰোহৰ মূখ্য অতিথিৰ আসন অলংকৃত কৰি বক্তব্য প্ৰদান কৰে ।

Total Page Visits: 148 - Today Page Visits: 1