জামুগুৰি কবি মঞ্চৰ উদ্যোগত নৰেন শৰ্মাৰ উপজা দিন উদযাপন
দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ৭ মাৰ্চ : শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ এগৰাকী অন্যতম অগ্ৰনী সমাজ সেৱক ,বুৰঞ্জীবিদ,প্ৰবীন কবি -সাহিত্যিক ,উত্তৰ জামুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক,সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সদস্য,শোনিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি,তথা জামুগুৰি কবি মঞ্চৰ উপদেষ্টা নৰেন শৰ্মাদেৱৰ ৮৮ সংখ্যক ওপজা দিনটো আজি ৰাজহুৱা ভাবে উদযাপন কৰা হয়৷ জামুগুৰি কবিমঞ্চৰ উদ্যোগত দিনৰ ১-৩০ বজাৰ পৰা জামুগুৰিহাটৰ বাপুঁজি ভৱনত “অভিনন্দন“সভা হিচাবে আয়োজন কৰা অনুষ্ঠানটিত সভাপতিৰ আসন অলংকৃত কৰে জামুগুৰি কবি মঞ্চৰ সভাপতি বিশিষ্ট কবি তৰুন বৰুৱাই৷ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে বিশ্বনাথ মহাবিদ্যালয় অৱসৰী অধ্যক্ষ বিশিষ্ট বুৰঞ্জীবিদ ড° নিত্যানন্দ গগৈয়ে ৷ জামুগুৰিহাটৰ অৰ্ধশতাধিক অনুস্থান প্ৰতিষ্ঠানৰ বিধায়ক পদ্ম হাজৰিকাই নৰেন শৰ্মা দেৱক জন্ম দিনৰ ওলগ জনোৱাৰ পিছতে গ্ৰন্থ উন্মোচন কৰে বিহালি মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ খগেন গোস্বামীয়ে ।