জালুকবাৰীত জনতাৰ আশীষ ল’লে হিমন্ত বিশ্বই

11

জালুকবাৰীত জনতাৰ আশীষ ল’লে হিমন্ত বিশ্বই

দুৰ্নীতিৰ দৰ্পণ ,চিৰঞ্জীৱ কলিতা , প্ৰতিবেদক চাংসাৰি , ৪ এপ্ৰিলঃ অপ্ৰতিৰোধ্য হিমন্ত বিশ্বই ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ব্যস্ত নিৰ্বাচনী প্ৰচাৰত । বিজেপি মিত্ৰজোটৰ চৰকাৰ গঠনৰ বাবে হিমন্তই দিন-ৰাতি একাকাৰ কৰিছে যদিও সময় নাই নিজ সমষ্টিৰ বাবে । তথাপিও আক্ষেপ নাই ক্ষোভ নাই অভিমান নাই সমষ্টিবাসীৰ । হিমন্ত বিশ্ব শৰ্মাক বিপুল ভোটত বিজয়ী কৰিবলৈ বদ্ধ পৰিকৰ জালুকবাৰীবাসী । অৱশ্যে সমষ্টিবাসীৰ মৰম আদৰ বিশ্বাসক নেওচিব নোৱাৰি নিৰ্বাচনৰ শেষ সভা স্বৰূপে শুৱালকুছিত অংশ লৈ নিজ পত্নী , পুত্ৰ , জীয়ৰিৰ সৈতে ৰাইজৰ আশীষ ল’লে হিমন্ত বিশ্ব শৰ্মাই । উক্ত নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী , কৃষিমন্ত্ৰী , বিটিচি প্ৰধানকে ধৰি অসংখ্যজন ৰাজনীতিবিদে হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে ।