জ্যেষ্ঠ সাংবাদিক ফৰহাদ ভূঞাক বাংগালুৰুৰ বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট উপাধি প্ৰদান

47

জ্যেষ্ঠ সাংবাদিক ফৰহাদ ভূঞাক বাংগালুৰুৰ বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট উপাধি প্ৰদান

দুৰ্নীতিৰ দৰ্পণৰ , বিশেষ সেৱা, ১৯ মাৰ্চঃ বাংগালুৰুৰ ভাৰত ভাৰ্চুৱেল ইউনিভাৰ্চিটি ফৰ পিচ এণ্ড ইডুকেচনে সাংবাদিক ফৰহাদ ভূঞাক সন্মানীয় ডক্টৰেট উপাধি প্ৰদান কৰে ৷ যোৱা ১৩ মাৰ্চত বাংগালুৰুৰ গুড ছেফাৰ্ড অডিটৰিয়ামত অনুষ্ঠিত দীক্ষান্ত সমাৰোহত এই বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় প্ৰশাসনিক বিষয়া তথা ৰাজস্থানৰ শ্ৰম আয়ুক্ত কোমল জৈন, বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি ড° টি এন স্বামী, সভাপতি ড° কুমাৰ ৰাজেশ, উপ-সভাপতি ড°এম এম আহমেদ আদিকে ধৰি কেবাগৰাকীও বিশিষ্ট লোক । দেশৰ বিভিন্ন প্ৰান্তৰ নিজ নিজ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়োৱা ৪৩ গৰাকী বিশিষ্ট ব্যক্তিক আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সন্মানীয় ডক্টৰেট ডিগ্ৰী বঁটা প্ৰদান কৰা হয় ৷ বিশ্ববিদ্যালয়খনে প্ৰতিবছৰে মানৱ অধিকাৰ, শিক্ষা, সাংবাদিকতা, সমাজৰ উন্নয়নত সমাজলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা দেশৰ ভিন্ন প্ৰান্তৰ নিৰ্বাচিত ব্যক্তি বিশেষক এই সন্মান আৰু স্বীকৃতি প্ৰদানৰ কৰি আহিছে । উল্লেখযোগ্য যে ফৰহাদ ভূঞাই বিগত দিনত সংবাদ সেৱা, সমাজসেৱা আৰু শিক্ষাৰ ক্ষেত্ৰত তেওঁ লোৱা পদক্ষেপ আৰু অনবদ্য বৰঙণিৰ বাবেই এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। বিগত ২৫ বছৰ ধৰি ভূঞাই সংবাদ সেৱা আগবঢ়াই আছে। ভূঞা অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ এক্ৰিডেটেড সাংবাদিক। বৰ্তমান ভূঞা দৈনিক গণ অধিকাৰ কাকতৰ জ্যেষ্ঠ সাংবাদিক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। স্কুলীয়া দিনৰ পৰাই তিনিদিনীয়া অগ্ৰদূত কাকতত শিশু শিতানত নিয়মীয়াভাৱে লেখামেলা কৰিছিল ৷ সাংবাদিক হিচাপে ১৯৯৫ চনৰ পৰা পষেকীয়া গণ অধিকাৰ, সাপ্তাহিক মুজাহিদ কাকতত সংবাদ সেৱা আগবঢ়োৱাৰ উপৰিও দৈনিক অগ্ৰদূত, দৈনিক জনমভূমি, অসমীয়া খবৰ, আজি আদি কাকততো সংবাদ সেৱা আগবঢ়াইছিল। ‘ফচল’ নামৰ অসমীয়া মাহেকীয়া আলোচনীৰ সম্পাদকৰ দায়িত্বও পালন কৰা ফৰহাদ ভূঞাৰ তত্বগধুৰ লিখনি বিভিন্ন কাকত, আলোচনীত প্ৰকাশ হৈ আছে। ইয়াৰোপৰি তেওঁৰ ৰচিত কবিতা বিভিন্ন কাকত আলোচনীত প্ৰকাশ পাইছে ৷ ইতিমধ্যে ভূঞাই ইণ্ডিয়ান জাৰ্ণেলিষ্ট এছ’চিয়েচনৰ তথ্য চিত্ৰ সাংবাদিকতা বঁটা লাভ কৰিবলৈও সক্ষম হৈছে । ভূঞাই মূলত চৰ-চাপৰিৰ বিভিন্ন সমস্যা সম্পৰ্কত কাম কৰি আহিছে ৷ ইয়াৰ উপৰি নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবেও সংগ্ৰাম কৰি আহিছে। শেষতীয়াকৈ এইবোৰ সমস্যাৰ বিষয়ে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত তুলি ধৰিবলৈ সক্ষম হৈছে। বিগত ২০ বছৰে ভূঞাই বানপানীৰ সময়ত চৰ অঞ্চলৰ বানপীড়িত লোকক উদ্ধাৰ, খাদ্য সামগ্ৰী যোগান আদি কামৰ সৈতেও নিজকে জড়িত কৰি আহিছে । চৰ-চাপৰি অঞ্চলৰ মানুহৰ নাগৰিকত্বৰ সমস্যাৰ বিষয়েও ভূঞাই মাত মাতি আহিছে। এন আৰ চিৰ আবেদনৰ সময়ত ভূঞাই নিজেলিখা হাতপুথি প্ৰকাশ কৰি ৰাইজৰ মাজত বিতৰণ কৰাৰ লগতে ঠায়ে ঠায়ে সজাগতা সভাৰ জৰিয়তে ৰাইজক সজাগ কৰিছিল। ‘ডি’ ভোটাৰ, এন আৰ চিৰ পৰা বাদ পৰা লোক সকলক আইনী সহায়ৰ ক্ষেত্ৰতো পৰামৰ্শ আগবঢ়াই আছে। চৰ অঞ্চলৰ মহিলা শিক্ষাৰ ওপৰত জৰীপ কৰা, কণ কণ ল’ৰা ছোৱালীক বিদ্যালয়ত পঢ়ুৱাবলৈ সজাগতা সভা কৰা আদি বহু কাম কৰিছে। ভূঞা বহৰিৰ এৰোমা ইংলিছ স্কুলৰ প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমানলৈকে সভাপতিৰ লগতে গুৱাহাটীৰ বৰাগাঁওস্থিত মাৰ্কছ ইন্টিগ্ৰেটেড একাডেমীৰো উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ৷