জয়নগৰত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিনামূলীয়া পাঠদান মুকলি

130

জয়নগৰত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিনামূলীয়া পাঠদান মুকলি
দুৰ্নীতিৰ দৰ্পণ সেৱা,হবিবুৰ ৰহমান, ২৭ ফেব্ৰুৱাৰীঃ শনিবাৰে হোজাই জিলাৰ মোৰাজাৰ থানাৰ অন্তৰ্গত জয়নগৰত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ হোজাই জিলা সমিতিৰ উদ্যোগত আৰু জয়নগৰ আঞ্চলিক সমিতিৰ সহযোগত বিনামূলীয়া পাঠদান মুকলি কৰা হয়। সমাগত মেট্ৰিক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৪০ জন ছাত্ৰ-ছাত্ৰীৰভাৱে মুকলি কৰা হয় এই সুবিধা। অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে উপযুক্ত শিক্ষা ব্যৱস্থা নোপোৱাত তেওঁলোকৰ সুবিধাৰ্থে এই ব্যৱস্থা মুকলি কৰা হয় বুলি জানিবলৈ দিয়ে জিলা সমিতিৰ সাধাৰণ সম্পাদক জাইদুল লস্কৰে। লগতে উক্ত পাঠদান কেন্দ্ৰত গণিত, বিজ্ঞান, আৰু ইংৰাজী এই তিনিটা বিষয়ক পাঠদান দিয়া হব বুলি জানিবলৈ দিয়ে৷ বিনামূলীয়া পাঠদান মুকলি কৰা সভাত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ হোজাই জিলা সমিতিৰ সাধাৰণ সম্পাদক জাইদুল লস্কৰ, উপ-সভাপতি পাৰভেছ লস্কৰ, সাংগঠনিক সম্পাদক কৌছৰ আলম,নীলবাগান আঞ্চলিক সমিতিৰ সভাপতি নাজিম উদ্দিন, জয়নগৰ আঞ্চলিক সমিতিৰ সভাপতি, সাধাৰণ সম্পাদকৰ লগতে স্থানীয় ৰাইজ । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এনে কাৰ্যক জয়নগৰ অঞ্চলবাসীয়ে শলাগ লোৱাৰ লগতে যুৱ-ছাত্ৰ পৰিষদৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here