টৌভঙাত মিচিং সম্প্ৰদায়সকলে অনুষ্ঠিত কৰা পবিত্ৰ কৃষি ভিত্তিক উৎসৱ আলি আয়ে লৃগাঙৰ মঞ্চ উদ্ধোধন বিধায়ক পদ্ম হাজৰিকাৰ

30

টৌভঙাত মিচিং সম্প্ৰদায়সকলে অনুষ্ঠিত কৰা পবিত্ৰ কৃষি ভিত্তিক উৎসৱ আলি আয়ে লৃগাঙৰ মঞ্চ উদ্ধোধন বিধায়ক পদ্ম হাজৰিকাৰ
দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ১৮ ফেব্ৰুৱাৰীঃ শোণিতপুৰ জিলাৰ নদুৱাৰৰ অন্তৰঁগত টৌভঙাত বুধবাৰৰ দিনটোত মিচিং ৰাইজে ব্যাপক কাৰ্য্যসুচীৰে অনুষ্ঠিত কৰে মিচিং সম্প্ৰদায় লোকসকলৰ পৱিত্ৰ কৃষি ভিত্তিক উৎসৱ আলি আয়ে লৃগাং ৷ দিনটোৰ পৰম্পৰাগত বিভিন্ন কাৰ্য্যসুচীৰ অন্তত নিশালৈ অনুষ্ঠিত কৰে বাৰেৰহনীয়া সাংস্কৃতিৰ কাৰ্য্যসুচী ৷ সাংস্কৃতিক কাৰ্য্যসুচীৰ মঞ্চৰ শুভ উদ্ধোধন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। মঞ্চ উদ্ধোধন কৰি বিধায়ক পদ্ম হাজৰিকাই ভাষণ প্ৰসঙ্গত কয়-বৃহত্তৰ অসমীয়া জাতি গঠনত মিচিং সম্প্ৰদায়ৰ ৰাইজৰ এক সুকিয়া অবদান আছে ৷ অসমভূমিত সমন্বয়ৰ সাকো গঢ়ি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সম্প্ৰতিৰ এনাজৰিডাল কটকটীয়া কৰাত মিচিং ৰাইজে যি ভূমিকা পালন কৰি আহিছে , সেই আদৰ্শ আমি গ্ৰহণ কৰা উচিত ৷ আলি আই লৃগাংৰ এই প্ৰবিত্ৰ দিনটোত মিচিং জনজাতি ৰাইজৰ সৰ্ব্বতো বিকাশৰ আমি কামনা কৰিলো বুলিও মন্তৱ্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ বিধায়ক গৰাকীয়ে পৰম্পৰাগত খাদ্যৰ সোৱাদ লোৱাৰ উপৰি চাংঘৰত বহি নৃত্য-গীতো উপভোগ কৰাৰ লগতে উৎসৱটিৰ জৰিয়তে মিচিং ৰাইজক আন্তৰিক শুভেচ্ছাও জ্ঞাপন কৰে। উক্ত সাংস্কৃতিক অনুষ্ঠানত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী সিমান্ত শেখৰৰ সঙ্গীতানুষ্ঠানে সকলো ৰাইজৰ মন আপ্লুত কৰে ।

Total Page Visits: 22 - Today Page Visits: 1