ডবকাত মন্ত্ৰী পিযুষ হাজৰিকাক গ্ৰেপ্তাৰ দাবীত সাংবাদিক সকলে কলা বেজ পৰিধান কৰি দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট

12

ডবকাত মন্ত্ৰী পিযুষ হাজৰিকাক গ্ৰেপ্তাৰ দাবীত সাংবাদিক সকলে কলা বেজ পৰিধান কৰি দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট

দুৰ্নীতিৰ দৰ্পণ সেৱা , মোৰাঝাৰ ,২ এপ্ৰিলঃ প্ৰতিদিন টাইমৰ সাংবাদিক নজৰুল ইছলাম আৰু প্ৰাগৰ সাংবাদিক তুলসি মান্তাক কালি মন্ত্ৰী পিযুষ হাজৰিকাই প্ৰানে মৰাৰ ভাবুকি দিয়াক লৈ হোজাই জিলাৰ ডবকাতো সাংবাদিক সকলে কলা বেজ পৰিধান কৰি দুই ঘন্টীয়া প্ৰতিবাদী কাৰ্য্যসূূচী ৰূপায়ন কৰে ৷ হোজাই জিলাৰ ডবকা ,নিলবাগান, মোৰাঝাৰ আৰু যমুনামুখৰ সকলো সাংবাদিক সন্থাই ডবকা ডিফু বাইপাছৰ সমীপত একত্ৰিত হৈ দুই ঘন্টীয়া প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে।সাংবাদিকৰ এই প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে হোজাই জিলা আমছু,কৃষক মুক্তিৰ ডবকা আঞ্চলিক,জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ হোজাই জিলা সমিতি আৰু এন এছ ইউ আই ৰ কৰ্মকৰ্তা সকলে ৷ প্ৰতিবাদী সাংবাদিক সকলে মন্ত্ৰী পিজুছ হাজৰিকা গ’বেক, পিযুষ হাজৰিকা মুৰ্দ্দাবাদ,পিযুষ হাজৰিকাক গ্ৰেপ্তাৰ কৰাক,সাংবাদিৰ নিৰাপত্তা সুনিশ্চিত কৰক আদি ধ্বনি দি সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলো ৷ আজি প্ৰতিবাদী কাৰ্য্যসূচীৰ জৰিয়তে মন্ত্ৰী পিযুষ হাজৰিকাক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে ৷