ডবকাৰ এগৰাকী ছাত্ৰই আগবঢ়ালে অসম জাতীয় পৰিষদ লৈ সহায়

70

ডবকাৰ এগৰাকী ছাত্ৰই আগবঢ়ালে অসম জাতীয় পৰিষদ লৈ সহায়
দুৰ্নীতিৰ দৰ্পণ সেৱা, হবিবুৰ ৰহমান, ২৫ ফেব্ৰুৱাৰীঃ লুৰিন জ্যুতিৰ গগৈ এজেপিত জড়িত হৈ পৰিল ৰাইজৰ আবেগ ৷ সেই কথা প্ৰমাণ কৰিলে এটি কিশোৰে ৷ ২৪ ফেব্ৰুৱাৰী তাৰিখে হোজাই জিলাৰ নীলবাগানত অনুষ্ঠিত হৈছিল অসম জাতীয় পৰিষদ দলৰ জাতীয় জাগৰণ সমাৱেশ ৷ এই উপলক্ষে আগদিনা এজেপিৰ মূখপাত্ৰ জিয়াউৰ ৰহমানে বিভিন্ন মাধ্যমত জাৰি কৰিছিল এটি ভিডিও ৷ ভিডিঅৰ যোগেদি আহ্বান কৰিছিল ৰাইজৰ পৰা দান বৰঙণি দিবলৈ ৷ এজেপিৰ এই আহ্বানত আন দহদজনৰ লগতে আবেগিক ভাৱে সহাৰি জনালে ডবকাৰ দহবছৰীয়া এটি কিশোৰে ৷ কিশোৰজনৰ নাম ফাহিম মুহাম্মদ তালুকদাৰ ৷ ডবকাৰ এখন ব্যক্তিগত বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ফাহিম৷ ফাহিমে দীৰ্ঘদিন ধৰি নিজৰ পিগি বেংকত জমা ৰখা সমুদায় ধন দান কৰিলে লুৰিনজ্যুতি গগৈৰ হাতত ৷ এজেপিৰ নীলবাগানৰ সভাত উপস্থিত হৈ পিগিবেংটো তুলি দিয়ে এজেপিৰ সভাপতি লুৰিনজ্যুতি গগৈৰ হাতত ৷ ফাহিম মহাম্মদ তালুকদাৰে সাচতীয়া ধন সমূহ দি কলে,”দেশতকৈ টকা ডাঙৰ নহয় , মোৰ টকাৰে দেশৰ সেৱা কৰিব লাগে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here