ডবকাৰ টোলগেটত নিশা উত্তপ্ত পৰিস্থিতি

33

ডবকাৰ টোলগেটত নিশা উত্তপ্ত পৰিস্থিতি
দুৰ্নীতিৰ দৰ্পণ সেৱা,হবিবুৰ ৰহমান,১৬ মাৰ্চঃ সোমবাৰে ডবকাৰ টোলগেটৰ কৰ্মচাৰী আৰু যাত্ৰীবাহী বাছৰ যাত্ৰীৰ মাজত হতাহতিৰ সৃষ্টি হয় ৷ যাত্ৰী ৰূপে থকা মহিলা সকলোকে টনা আজোৰা কৰি অপদস্থ কৰাৰ অভিযোগ টোলগেট কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷ অভিযোগ অনুসৰি , এখন যাত্ৰীবাহী বাছত লগোৱা ফাষ্টটেগ একাউন্টত টকা নথকাৰ বাবে টোলগেট কৰ্তৃপক্ষই তিনিগুন অতিৰিক্ত কৰ বিচাৰিছিল ৷ কিন্তু বাছৰ চালক আৰু হেণ্ডিমেনে অতিৰিক্ত টোল কৰ দিবলৈ অমান্তি হৈছিল , যাৰ বাবে টোলগেটৰ কৰ্মচাৰী আৰু যাত্ৰীবাহী বাছৰ চালক হেণ্ডিমেনৰ মাজত তৰ্কাতৰ্কি আৰম্ভ হয় ৷ পাছত বাছত থকা একাংশ যাত্ৰী নামি আহি অতিৰিক্ত কৰৰ লোৱাৰ বিৰুদ্ধে প্ৰতিবাদ জনায় ৷ ইয়াতে টোলগেটৰ কৰ্মচাৰী সকল ক্ষুব্ধ হৈ পৰে আৰু দুয়োপক্ষৰ মাজত টনা আজোৰা আৰু হতাহতিৰ সৃষ্টি হয় ৷ আনকি তাত নিয়োজিত হৈ থকা নিৰাপত্তাৰক্ষীৰ হাতত থকা লাঠি কাঢ়ি লৈ যাত্ৰী সকলক মাৰধৰ কৰিবলৈ উপক্ৰম হোৱাৰো অভিযোগ টোলগেট কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷ পাছত স্থানীয় একাংশ লোকৰ মধ্যস্থতাত পৰিস্থিতি নিয়ন্ত্ৰণ হয় ৷ উল্লেখযোগ্য যে , পূৰ্বেও ডবকাৰ এই টোলগেটত যাত্ৰী সকলক দুৰ্ব্যৱহাৰ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷