ডিব্ৰুগড়ত মন্ত্ৰী পিযুষৰ বিৰুদ্ধে সৰৱ ডিব্ৰুগড়ৰ সাংবাদিক মহল, বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ , শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী

6

ডিব্ৰুগড়ত মন্ত্ৰী পিযুষৰ বিৰুদ্ধে সৰৱ ডিব্ৰুগড়ৰ সাংবাদিক মহল, বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ , শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী

দুৰ্নীতিৰ দৰ্পণ সেৱা , ডিব্ৰুগড়,২ এপ্ৰিলঃ সমগ্র ৰাজ্যৰ লগতে বৃহত্তৰ ডিব্ৰুগড়ৰ প্ৰেছ ক্লাবৰ সন্মূখত আজি অসম চৰকাৰৰ মন্ত্ৰী পিযুষ হাজৰিকা মুৰ্দাবাদ ধ্বনিৰে উত্তাল হৈ পৰে।মন্ত্ৰী পিযুষৰ মাফিয়া কায়দাৰে সাংবাদিকক ধমকি দিয়াৰ প্ৰতিবাদত কঁপিল ডিব্ৰুগড়ৰ থানা চাৰিআলিৰ ৰাজপথ।মেলে-মিটিঙে সাংবাদিকৰ নিৰাপত্তাৰ কথা কোৱা মুখ্যমন্ত্ৰীক নিজ মন্ত্ৰী সভাৰ এজন মন্ত্ৰীৰ এনে অভব্য আচৰণৰ বিৰুদ্ধে স্থিতি ৰাজহুৱা কৰিবলৈ ডিব্ৰুগড়ৰ সমূহ সাংবাদিকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি দাবী জনায়।বৃহত্তৰ ডিব্ৰুগড়ৰ প্ৰেছ ক্লাব আৰু ডিব্ৰুগড় প্ৰেছ ক্লাবৰ যুটীয়া উদ্যোগত গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত সাংবাদিকে তীব্ৰ গৰিহণা দি,মন্ত্ৰী পিযুষৰ বিৰুদ্ধে আইনী ব্যৱস্থাৰ গ্ৰহণৰ দাবীৰে গঢ়ি তোলে দীঘলীয়া গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী।বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে মন্ত্ৰী পিযুষৰ এনে ভয় ভাবুকিত অসমৰ সাংবাদিক স্তব্ধ নহয় তথা কেৰেপ নকৰে বুলি তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।প্ৰতিখন চৰকাৰৰ দিনতেই সাংবাদিক নিগ্ৰহ,হত্যা আদি ঘটনা সংঘটিত হৈ আহিছে যদিও কোনো চৰকাৰে সাংবাদিক নিৰাপত্তা সুনিশ্চিত নকৰা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এগৰাকী দায়িত্ব শীল মন্ত্ৰীয়েই সাংবাদিক অ গণতান্ত্ৰিক ভাবে ভয় ভাবুকি দিয়া সন্দৰ্ভত গোচৰ প্ৰদানৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাটো গভীৰ ৰহস্য জনক বুলি কয়। ৰাজ্যত অতি শেহতীয়াকৈ সাংবাদিকৰ ৰহস্যজনক মৃত্যু তথা নিগ্ৰসৰ এই ঘটনাক পুনৰ দুৰ্ভাগ্যজনক আখ্যা দি তীব্ৰ অসন্তুষ্টিৰে মুখ্যমন্ত্ৰীৰ সাংবাদিকক সুৰক্ষাৰ বক্তব্যক কাৰ্যত পৰিণত কৰাৰ দাবী জনায় তেওঁ।নিৰ্বাচনৰ সময়ত গণতন্ত্ৰৰ মহোৎসৱৰ কথা কোৱা শাসকীয় চৰকাৰৰ এগৰাকী দায়িত্ব শীল মন্ত্ৰীয়ে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ স্বৰূপ এগৰাকী সাংবাদিকক মাফিয়া কায়দাৰে বিভিন্ন অশ্লীল ভাষাৰে ভয় ভাবুকি প্ৰদান কৰিছে, সি গণতন্ত্ৰৰ প্ৰতি চৰম ভাবুকি বুলি কয় জেষ্ঠ সাংবাদিক তথা ডিব্ৰুগড় প্ৰেছক্লাবৰ সভাপতি প্ৰবীৰ কুমাৰ চক্ৰৱৰ্তীয়ে।ৰাজ্যত ছিণ্ডিকেট মাফিয়া ৰাজ চলাই অহা এনে লোকলৈ কেতিয়াও অসমৰ সাংবাদিকে ভয় কৰা নাই,এইবাৰো তেখেতৰ ৰঙা চকুলৈ ভয় নকৰো।ৰাজ্য চৰকাৰে সাংবাদিকৰ নিৰাপত্তা কথাঢ়কৈ অহাৰ পাছতো গুৱাহাটীত সিদিনা ৰহস্য জনক ভাবে সাংবাদিকৰ মৃতদেহ উদ্ধাৰ হল।কাকপথাৰত ৰহস্য জনক ভাবে মৃত্যু হল,কোনো তদন্ত নহল বুলি ডিব্ৰুগড় প্ৰেছক্লাবৰ সভাপতি প্ৰবীৰ কুমাৰ চক্ৰৱৰ্তীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্য চৰকাৰ আৰু গৃহবিভাক পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায়।আনহাতে চৰকাৰৰ এগৰাকী দায়িত্ব শীল মন্ত্ৰীয়ে সাংবাদিকক অগণতান্ত্ৰীক ভাবে ভাবুকি প্ৰদান কৰা কাৰ্যৰ গৰিহণা দি অসমত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতি কুঠাৰাঘাত কৰিছে বুলি প্ৰতিবাদ স্থলিত উপস্থিত থাকি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জেষ্ঠ সাংবাদিক মানসজ্যোতি দত্তই।আনহাতে জেষ্ঠ সাংবাদিক দেৱজিৎ চুতীয়া, সঞ্জীৱ নন্দি,মুক্তামনি হাজৰিকা,জেচিম আহমেদ,যাদৱ গগৈ, জগদীশ ভড়ালী, অৰুণ জৈন, শৈলেশ জৈন,সন্দিপ আগৰৱালা,সন্তোষ যাদৱ,ইফটিকাৰ হুছেইন, সঞ্জীৱ বিশ্বাস, ধনটি শইকীয়া,হিৰণ্য কিশোৰ বড়া,জ্যোতি খাখলীয়া, সুজয় দেৱনাথ,সৌৰৱ দত্ত, মুন্না ঘাটোৱাল,চাহনাৱাজ হুছেইন,দিনেশ দাস আদি উপস্থিত থাকি মন্ত্ৰী গৰাকীৰ এনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। ডিব্ৰুগড়ৰ সাংবাদিক সকলে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত ভাৰতীয় যুৱ ফেডাৰেশ্যনৰ প্ৰণৱ শইকীয়া, দিলীপ সিং,আদি কেইবাগৰাকীও সমাজ সচেতন ব্যক্তি উপস্থিত থাকি সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনায়।