ডুমডুমীয়াত অসম জন মৰ্চাৰ ৰাজহুৱা সভা

39

ডুমডুমীয়াত অসম জন মৰ্চাৰ ৰাজহুৱা সভা
দুৰ্নীতিৰ দৰ্পণ সেৱা,নজৰুল ইছলাম,বটদ্ৰৱা,১৩ ফেব্ৰুৱাৰী : অসম বিধান সভা নিৰ্বাচনৰ ২০২১ ৰ বাবে সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল । ইয়াৰ পিছ পৰি থকা নাই অসম জন মৰ্চা দলও । সমষ্টিয়ে সমষ্টিয়ে বাজিছে এতিয়া নিৰ্বাচনী ৰণ ডংকা । কি কংগ্ৰেছ,কি বিজেপি ,কি এ আই ইউ ডি এফ,কি আঞ্চলিক দল সমূহে ইতিমধ্যে সকলো দলেই আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ । তাৰ সমান্তৰালকৈ অসম জন মৰ্চা আৰম্ভ কৰিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান। আজি নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে ধিং সমষ্টিৰ ডুমডুমীয়া আঞ্চলিক খেল পথাৰত উপস্থিত হয় অসম জন মৰ্চাৰ সভাপতি চাইফুল ইছলাম চৌধুৰী । আব্দুল জব্ৱৰ ফাৰুকী সভাখনত উপস্থিত থাকি অসম জন মৰ্চাৰ ৰাজ্যিক সভাপতি চাইফুল ইছলাম চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে , আমি এটা চিন্তা দাৰা লৈ ওলায় আহিছো,সকলোৱে আমি এক গোট হৈ বিজেপি চৰকাৰক আতৰাৱ লাগিব,আমাক লাগে উন্নয়ন। সভা খনত এ কে ফজলুল হক, বিনিতা কাকতি,পাৰবিন চৌধুৰী , লক্ষী প্ৰসাদ বৰা , জে আহমেদে ভাষণ আগবঢ়ায় । সভাখনত পাঁচ শতাধিক লোক উপস্থিত আছিল ।

Total Page Visits: 10 - Today Page Visits: 1