ডেনিয়েল তপ্নৰ হত্যাৰ গোচৰত অভিযুক্ত ৰিপুন বৰাৰ বিৰুদ্ধে সৰব পল্লৱলোচন দাস

28

ডেনিয়েল তপ্নৰ হত্যাৰ গোচৰত অভিযুক্ত ৰিপুন বৰাৰ বিৰুদ্ধে সৰব পল্লৱলোচন দাস
দুৰ্নীতিৰ দৰ্পণ সেৱা,জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন,২৪ ফেব্ৰুৱাৰী: চাহজনজাতি নেতা ডেনিয়েল তপ্নৰ হত্যাৰ গোচৰত অভিযুক্ত ৰিপুন বৰাই কি চাহজনজাতি কথাৰ চিন্তা কৰিব ৷ চাহজনজাতি নেতা হত্যা কৰি তিহাৰ জেলৰ ভাত খোৱা ৰিপুনে চাহবাগিছাৰ শ্ৰমিকৰ কথা কোৱাৰ নৈতিক অধিকাৰ নাই ৷ এই গৰাকী ৰিপুন বৰাকে এতিয়া কংগ্ৰেছে মূখ্যমন্ত্ৰীৰ মুকুট পিন্ধাইছে ৷ হত্যাৰ গোচৰত অভিযুক্ত ৰিপুন বৰাৰ কাষত কেতিয়াও চাহজনজাতি ৰাইজ সুৰক্ষিত নহয় ৷ এটা সৰু ৰাজনৈতিক দলেও ৰিপুন বৰাৰ নিচিনা মানুহক সভাপতি নেপাতে কিন্তুু কংগ্ৰেছে ৰিপুন বৰাক সভাপতি পতাৰ পাচত চাহজনজাতি ৰাইজে কংগ্ৰেছক কিয় গ্ৰহণ কৰিব ৷ এই মন্তৱ্য তেজপুৰ লোক সভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসৰ ৷ আজি বুধবাৰে চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ পৰিদৰ্শন ভৱন প্ৰাঙ্গণত অনুষ্ঠিত চতিয়া সমষ্টিৰ চাহ মৰ্চ্চাৰ এক সভাত অংশ গ্ৰহণ কৰি আৰু কয়-২০১৬ চনৰ আগত অসমৰ চাহজনজাতি ৰাইজে একোৱেই লাভ কৰা নাছিল ৷ কংগ্ৰেছে চাহজনজাতি ৰাইজৰ ইতিহাস নাইকিয়া কৰি পেলালে ৷ আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছিল ৷ বহুত যুগৰ পাচত নৰেন্দ্ৰ মোদীয়ে আমাক পোহৰ দিলে ৷ ইতিহাস হেৰাই যোৱা মানুহৰ স্বীকৃতি দিলে ৷ বাগানৰ উন্নয়নৰ বাবে এক হেজাৰ কোটি টকা আবণ্টন দিয়াৰ সিদ্ধান্ত লৈছে নৰেন্দ্ৰ মোদীয়ে ৷ বিজেপিৰ চাহ মৰ্চ্চাৰ সভাখনত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই কয়-২০১৫ লৈকে অসমত চাহজনজাতি ৰাইজ সুৰক্ষিত নাছিল ৷ উগ্ৰপন্থীৰ আক্ৰমণৰ বলী হৈছিল চাহজনজাতি ৰাইজ ৷ শান্তিৰ কাৰণে,সম্প্ৰতিৰ কাৰণে বিজেপিক অসমত প্ৰয়োজন আছে ৷ অসম বচাও নহয়-কংগ্ৰেছ বচাও অভিযানত নামি পৰিছে কংগ্ৰেছ দলটো ৷ বিহুৰ আগতেই কংগ্ৰেছ দলটো নিপাত যোৱাটো নিশ্চিত বুলি মন্তৱ্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ কংগ্ৰেছৰ ভূৱা প্ৰচাৰত ভোল নেযাবলৈও চাহজনজাতি ৰাইজক আহ্বান জনায় বিধায়ক পদ্ম হাজৰিকাই ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here