ঢেকীয়াজুলিত কংগ্ৰেছ প্ৰাৰ্থী বেনুধৰ নাথক উষ্ম আদৰণি

47

ঢেকীয়াজুলিত কংগ্ৰেছ প্ৰাৰ্থী বেনুধৰ নাথক উষ্ম আদৰণি , কেইবাশ সমৰ্থকে সমষ্টিলৈ বাইক ৰেলী কৰি আদৰি আনিলে নিজ পছন্দৰ প্ৰাৰ্থী গৰাকীক
দুৰ্নীতিৰ দৰ্পণ সেৱা , মিছামাৰিৰ পৰা আজিজুৰ ৰহমান : ৮ মাৰ্চঃ ইতিমধ্যে কংগ্ৰেছ দলে ঢেকীয়াজুলিত প্ৰাৰ্থী হিচাপে ঘোষণা কৰা বেনুধৰ নাথে আজি দলীয় টিকটলৈ সমষ্টিত উপস্থিত হোৱাৰ সময়তে দেখা গৈছে ঢেকীয়াজুলি কংগ্ৰেছ শিৱিৰত ব্যাপক উল্লাস৷ কেইবাশও ৰাইজে প্ৰাৰ্থী গৰাকীক ওৰাংৰ পৰা বাইক গাড়ী আদিৰে ৰেলীকৰি সমষ্টিলৈ আদৰি আনে ৷ সমষ্টিটোত এই গৰাকী নেতাক দলে প্ৰাৰ্থীত্ব প্ৰদান কৰাত অন্যান্য সমষ্টিৰ লেখিয়া কংগ্ৰেছ শিৱিৰত কোনো ধৰণৰ বিৰোধ পৰিলক্ষিত হোৱা নাই ৷ আনহাতে , নেতা গৰাকীয়ে ঢেকীয়াজুলিত তেওঁ জয়ী হোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰত্যাহ্বান নাই আৰু বিজেপিক ঢেকীয়াজুলিৰ পৰা উৎখাত কৰি লাখৰো অধিক ভোটত জয়ী হ’ম বুলি মন্তব্য কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here