ঢেকীয়াজুলিৰ ঠেলামৰাত বিজেপি প্ৰাৰ্থী অশোক সিংঘালৰ নিৰ্বাচনী সভা , মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অংশগ্ৰহণ

47

ঢেকীয়াজুলিৰ ঠেলামৰাত বিজেপি প্ৰাৰ্থী অশোক সিংঘালৰ নিৰ্বাচনী সভা , মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অংশগ্ৰহণ

দুৰ্নীতিৰ দৰ্পণ সেৱা , মিছামাৰিৰ পৰা আজিজুৰ ৰহমান , ২০ মাৰ্চ : ২৭ মাৰ্চত ৰাজ্যখনৰ প্ৰথম পৰ্য্যায়ত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনত যুঁজ দিবলৈ এতিয়া প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থী সকলে তীব্ৰতৰ প্ৰচাৰ অভিযান অব্যহত ৰখাৰ সমান্তৰালভাৱে আজি ৭১ নং ঢেকীয়াজুলি বিধান সভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অশোক সিংঘালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ঠেলামৰা হাইস্কুল খেল পথাৰত অনুষ্ঠিত হোৱাএখন ৰাজহুৱা সভাত কালি উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৷ এই নিৰ্বাচনী সভাত উপস্থিত থাকি মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণত মন্তব্য কৰে যে , যোৱা পাচটা বছৰত ৰাজ্যৰ বিজেপি চৰকাৰে সততা আৰু নিষ্ঠাৰে কাম কৰিছে ৷ ২০১৬ চনৰ পৰা দুৰ্নীতিৰ বিৰুদ্ধে কাম কৰি আহিছে ৷ মেধাৰ ভিত্তিত নিযুক্তি দিছে ৷ কংগ্ৰেছৰ কাৰ্যকালত জৱ কাৰ্ড বৃদ্ধ পেঞ্চন ইত্যাদি বিভিন্ন আচনি লাভ কৰিবলৈ ৰাইজে পইছা দিব লাগিছিল ৷ কংগ্ৰেছৰ দিনত চাকৰি বিক্ৰী কৰা হৈছিল ৷

প্ৰতি খন আচনি স্বচ্ছ আৰু নিকা ভাৱে কৰা হৈছে বিজেপি চৰকাৰৰ দিনত ৷ কংগ্ৰেছৰ দিনত তিনি লাখ ইন্দিৰা আৱাস গৃহ নিৰ্মাণৰ নামত টকা আত্মসাত কৰিছে৷ কংগ্ৰেছ দল ৰাইজৰ প্ৰধান শত্ৰু ৷ যোৱা পাচটা বছৰত অশোক সিংঘালে ঢেকীয়াজুলিত বিভিন্ন উন্নয়নমূলক কাম কৰিছে , সেইহে আগন্তুক বিধান সভা নিৰ্বাচনত অশোক সিংঘালক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আহবান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ সভাৰ শেষত গীতৰ তালে তালে মুখ্যমন্ত্ৰী গৰাকীয়ে বিধায়ক সিংঘালৰ লগত হাত চাপৰি বজাই নৃত্য কৰে।সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত অশোক সিংঘালে অভিলেখ সংখ্যক ভোটত জয়ী হব ৷ মাত্ৰ আনুষ্ঠানিকতা হে বাকী বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে ৷ নিৰ্বাচনী সভাখনিত প্ৰায় চাৰি সহস্ৰাধিক ৰাইজ উপস্থিত থাকে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here